চলিত বছৰৰ ১ ছেপ্টেম্বৰৰ পৰা দিল্লী আৰু ৱাছিংটন ডিছিৰ মাজৰ ডাইৰেক্ট ফ্লাইট বন্ধ কৰি দিছে এয়াৰ ইণ্ডিয়াই৷ বৰ্তমান এই উড়ান সংস্থাৰ বোয়িং ৭৮৭-৮ ফ্লাইটৰ মেৰামতিৰ কাম চলি আছে৷ সেয়ে সাময়িকভাৱে বন্ধ ৰখা হৈছে বিমান৷ ইয়াৰোপৰি ভাৰতীয় উড়ান সংস্থাসমূহৰ বাবে এতিয়াও তেওঁলোকৰ আকাশসীমা বন্ধ ৰাখিছে পাকিস্তানে৷ যাৰ প্ৰভাৱ পৰিছে ফ্লাইটৰ ৰুটতো৷ এই সকলো কাৰণ আগত ৰাখিয়েই দিল্লী আৰু ৱাছিংটন ডিছিৰ মাজক ডাইৰেক্ট ফ্লাইট বন্ধৰ সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে এয়াৰ ইণ্ডিয়াই৷
মেৰামতিৰ সংস্কাৰ
বিগত মাহতেই বোয়িং ৭৮৭-৮ ফ্লাইটৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে এয়াৰ ইণ্ডিয়াই৷ যাত্ৰীস্বাচ্ছন্দ্য আৰু পৰিসেৱাৰ মান বৃদ্ধিৰ লক্ষৰে ২৬খন বোয়িং ৭৮৭-৮ বিমানৰ কেবিনত ব্যাপক পৰিবৰ্তন অনা হৈছে৷ ইয়াৰ বাবে অন্তত ২০২৬ চনৰ শেষপৰ্যন্ত সময় লাগিব৷
বন্ধ পাক আকাশসীমা
ইয়াৰোপৰি পহেলগাম আক্ৰমণৰ পাছতেই চলিত বছৰৰ ২৪ এপ্ৰিলৰ পৰা ভাৰতীয় উড়ান সংস্থাসমূহৰ বাবে তেওঁলোকৰ আকাশসীমা বন্ধ কৰি দিছে পাকিস্তানে৷ ফলত ভাৰতৰ পৰা আমেৰিকা যোৱা ফ্লাইটৰ ৰুটসহ কেইবাটাও ৰুটৰ দৈৰ্ঘ্য বাঢ়িছে৷ ভাৰতীয় উৰাণসংস্থাসমূহে আৰৱ সাগৰ আৰু ইউৰোপৰ মাজেৰে দীৰ্ঘ পথ অতিক্ৰম কৰিবলগা হৈছে৷ ফলত বাঢ়িছে ইন্ধনৰ খৰচ৷ এই অৱস্থাত ডাইৰেক্ট ফ্লাইট বা বিৰামহীন উৰাণ পৰিসেৱা পৰিচালনা কৰা কঠিন হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















