কৰাচিৰ পৰা উৰা মাৰিছিল পাকিস্তানৰ ইণ্টাৰনেশ্ব্যনেল এয়াৰলাইন্সৰ বিমান পিকে-৩০৬৷ কিন্তু এই বিমান যেতিয়া লাহোৰৰ আল্লামা ইকবাল আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে তেতিয়া দেখা যায় বিমানৰ এটা চকা ৰিয়াৰ হুইল স্ৰেফ গায়েব হৈ গৈছে৷ চকা অবিহনেই বিমানখনে ৰানৱেত অৱতৰণ কৰিছে৷
ইয়াৰ ফলত ডাঙৰ অঘটনো ঘটিব পাৰে৷ কিন্তু কোনো অঘটন নঘটাকৈয়ে বিমানখনে অৱতৰণ কৰে৷ অৱতৰণৰ পাছত যেতিয়া বিমানখনৰ ৰুটিন তালাচি আৰু স্বাস্থ্যপৰীক্ষা কৰা হৈছিল সেই সময়তেই কৰ্মীয়ে চকা নোহোৱাৰ কথাটো জানিব পাৰে৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে৷ পাক সংবাদমাধ্যম সূত্ৰই জনাইছে যে সেই ঘটনাৰ তদন্তক নিৰ্দেশ দিছে পি আই এ৷
পাক সংবাদমাধ্যমৰ ওচৰত ইতিমধ্যেই ঘটনাৰ সত্যতা স্বীকাৰ কৰি লৈছে পি আইৰ এজন মুখপাত্ৰই৷ তেওঁ জনাইছে যে এই ৰিয়াৰ হুইল অবিহনেই লাহোৰত অৱতৰণ কৰিছে পি কে ৩০৬য়ে৷ বিষয়টো পোহৰলৈ অহাৰ প্ৰায় ১৪ ঘণ্টা পাৰ হৈ গলেও সেই হেৰুওৱা চকাৰ কোনো সন্ধান পোৱা যোৱা নাই৷
সংবাদ সংস্থা পিটিআইৰ সূত্ৰৰ খবৰ অনুসৰি পিআইএৰ এগৰাকী মুখপাত্ৰই তেওঁলোকক জনাইছে যে প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে উৰাণ আৰম্ভ কৰাৰ মুহূৰ্ততেই সেই চকাটো কৰাচি বিমানবন্দৰত খুলি থাকিব পাৰে৷ কৰাচি বিমানবন্দৰত চকাৰ কিছু টুকুৰা লাভ কৰা বুলি জনাইছে পিআইএই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















