কোটি কোটি গ্ৰাহকলৈ এয়াৰটেলৰ ডাঙৰ উপহাৰ! ৩৬৫ দিনৰ বিশেষ ৰিচাৰ্জ
দেশৰ দ্বিতীয় জনপ্ৰিয় টেলিকম কোম্পানী এয়াৰটেলে গ্ৰাহকৰ বাবে এক বিশেষ ৰিচাৰ্জ প্লেন আহিছে, যিয়ে গ্ৰাহকক ১ বছৰৰ বাবে ৰিচাৰ্জ কৰি থকাৰ পৰা মুক্ত কৰিব। তাকো পাব একেবাৰে কম মূল্যত।
এয়াৰটেলে ৩৬৫ দিনৰ সুলভ মূল্যৰ ৰিচাৰ্জ প্লেন প্ৰৱৰ্তন কৰি ৩.৮ কোটি গ্ৰাহকক এক ডাঙৰ উপহাৰ আগবঢ়াইছে। এয়াৰটেলে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে সস্তা বাৰ্ষিক পৰিকল্পনা আনিছে।
২০২৪ চনৰ জুলাই মাহত এয়াৰটেল, জিঅ’ আৰু ভিয়ে নিৰ্বাচিত প্লেনৰ মূল্য বৃদ্ধি কৰিছিল, তাৰ পিছত দীৰ্ঘদিনীয়া বৈধতা প্লেনক ব্যৱহাৰকাৰীসকলৰ মাজত অগ্ৰাধিকাৰ দিয়া আৰম্ভ হৈছে। এয়াৰটেলে নিজৰ কোটি কোটি গ্ৰাহকক লং ভেলিডিটি প্লেনৰ সুবিধা দিছে।
এয়াৰটেলৰ নতুন ৩৬৫ দিনৰ ৰিচাৰ্জ প্লেন মাথো ২২৪৯ টকাত প্ৰৱৰ্তন কৰিছে। মাত্ৰ ২,২৪৯ টকা খৰচ কৰি এবছৰৰ বাবে ৰিচাৰ্জ কৰি থকাৰ পৰা সকাহ পাব লগতে অযথা খৰচৰ পৰাও সকাহ পাব। কোম্পানীটোৱে দাবী কৰিছে যে এই ৰিচাৰ্জ প্লেনত উন্নত নেটৱৰ্ক সেৱা থাকিব যিয়ে গ্ৰাহকক ৩৬৫ দিনৰ বাবে কলিং, ডাটা, এছএমএছ আৰু অন্যান্য সুবিধা প্ৰদান কৰিব।
এই ২,২৪৯ টকীয়া প্লেনত আনলিমিটেড কলিং ফেচিলিটি আছে। ইয়াৰ লগে লগে ব্যৱহাৰকাৰীয়ে স্থানীয় আৰু এছটিডি কলিং দুয়োটাৰে সুবিধা লাভ কৰে। ইয়াৰ উপৰিও মুঠ ৩৬০০ বিনামূলীয়া এছএমএছৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। লগতে এই সস্তীয়া বাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে মাহত ৩০জিবি ডাটা পাব। ইয়াৰ উপৰিও বিনামূলীয়া হেল’টিউনৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে এই প্লেনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ