বচ্চন উপাধী এৰিলে ঐশ্বৰ্যই ! এক অনুষ্ঠানত ডাঙৰ আখৰেৰে দেখা গ’ল কেৱল ‘ঐশ্বৰ্য ৰায়’
শেহতীয়াকৈ ঘটা এটা ঘটনাই ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিত অধিক ৰস যোগ দিয়ে৷ শেহতীয়াকৈ ডুবাইৰ এখন ইভেণ্ট ষ্টেজত অভিনেত্ৰীগৰাকী বিশেষ অতিথি হৈ গৈছিল। তাতেই প্ৰজেক্টেড স্ক্ৰীণত ঐশ্বৰ্যৰ নাম বচ্চন উপাধি অবিহনে প্ৰদৰ্শিত হৈছিল।
ডুবাইত অনুষ্ঠিত হোৱা গ্ল’বেল উইমেনছ ফ’ৰামত অংশ লৈছিল ঐশ্বৰ্যই। এই অনুষ্ঠানটোৰ পৰাই এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ’ত গ্ল’বেল আইকনগৰাকীয়ে উদ্ভাৱনৰ ওপৰত নিজৰ মতামত শ্বেয়াৰ কৰাৰ বাবে চৰ্চা লাভ কৰিছে।
পাছে প্ৰতিবেদন অনুসৰি ডুবাইৰ এই অনুষ্ঠানটোত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল ঐশ্বৰ্যৰ বচ্চন উপাধিটো বাদ দিয়া। ভিডিঅ’টোত দেখা গৈছে যে বিশ্ব সুন্দৰী তাৰকাগৰাকীৰ নাম ঐশ্বৰ্য ৰায় বচ্চনৰ সলনি “ঐশ্বৰ্য ৰায়-আন্তঃৰাষ্ট্ৰীয় তাৰকা” বুলি লিখা আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ