ডিজিটেল ডেস্কঃ বলিউদৰ প্ৰেম কাহিনীবোৰ যিমান আজৱ-আচৰিত, সিমানেই ৰোমাঞ্চকৰো। কেতিয়া প্ৰেম হয় আৰু কেতিয়া সেই প্ৰেমৰ অৱসান ঘটে তাৰ উমান কোনোৱে নাপায়। মাজে মাজে চৰ্চা হৈ থকা বহু জনপ্ৰিয় প্ৰেম কাহিনী আদবাটতেই ইতি পৰে। তেনে জনপ্ৰিয় প্ৰেম কাহিনীবোৰৰ ভিতৰত এটা প্ৰেম কাহিনী হৈছে অজয় দেৱগণ আৰু ৰবীনা টেণ্ডনৰ প্ৰেম কাহিনী।
৯০ দশকত অজয় আৰু ৰবীনাই বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছিল। ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত বন্ধুত্ব হৈছিল আৰু সেই বন্ধুত্ব পিছলৈ প্ৰেমৰ ৰূপ পাইছিল। দুয়োৰে মাজত এই প্ৰেম বৰ বেছি দীৰ্ঘদিনীয়া নাছিল যদিও এক চৰ্চিত প্ৰেম কাহিনী আছিল। দুয়োৰে মাজত প্ৰেমৰ অৱসান ঘটোৱাৰ আঁৰৰ মানুহগৰাকী অভিনেত্ৰী কৰিশ্মা কাপুৰ বুলি বহুতে কব খোজে।
অজয়ৰ সৈতে হোৱা সম্পৰ্কত ৰবীনা যথেষ্ট গভীৰতালৈ সোমাই গৈছিল। সেয়েহে এই সম্পৰ্ক বিচ্ছেদৰ পাছত অভিনেত্ৰীগৰাকী যথেষ্ট হতাশ হৈ পৰিছিল। পৰিস্থিতি হৈ এনে পৰ্যায় পাইছিলগৈ যে, নিজকে শেষ কৰি দিয়াৰ বাবেও চেষ্টা চলাইছিল ৰবীনা টেণ্ডনে। অজয়ৰ বাবে নিজৰ কেৰিয়াৰৰ কথাও সেই সময়ত চিন্তা কৰা নাছিল ৰবীনাই। কিন্তু অজয়ে ৰবীনাৰ সৈতে সম্পৰ্ক থকাৰ সময়তে আন কাৰোবাৰ সৈতেও সম্পৰ্কত থকা বুলি জনাৰ পাছতে আৰম্ভ হৈছিল অশান্তিৰ।
ৰবীনাই সেই সময়ত অজয়ৰ সৈতে এখন চিনেমাৰ শ্বুটিংস্থলীতে কাজিয়াত লিপ্ত হৈছিল। অজয়ে ৰবীনাৰ সৈতে হোৱা কাজিয়াৰ অন্তত সংবাদমাধ্যমৰ আগত কৈছিল যে, ৰবীনা পাগল হৈছে। তেওঁক মানসিক চিকিতসাৰ প্ৰয়োজন। ইফালে প্ৰেম বিচ্ছেদৰ পাছত সংবাদমাধ্যমৰ সৈতে হোৱা এক বিশেষ সাক্ষাতকাৰত অজয়ে ৰবীনাই সকলোবোৰ নাটক কৰিছিল বুলি কৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ