অসম লাইভ ২৪ঃ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত খলকনি তুলি অভিলেখ গঢ়িলে দক্ষিণৰ এক্সন ফিল্ম ‘অখণ্ড’ই৷ ২ বছৰৰ বিৰতিৰ মূৰত ব্লক বাষ্টাৰ ছবিৰে অনুৰাগীৰ মাজলৈ আহিল জনপ্ৰিয় অভিনেতা নন্দমুৰি বালাকৃষ্ণ৷ ভাৰতৰ বাহিৰতো যথেষ্ট জনপ্ৰিয় হৈছে ছবিখন৷ ‘অখণ্ড’ৰ পৰিচালনা তথা প্ৰযোজনা কৰিছে বিশিষ্ট পৰিচালক বয়াপতি শ্ৰীনুৱে৷ মুক্তিৰ দিনাই ৩০ কোটিৰ অধিক সংগ্ৰহেৰে বক্স অফিচত অভিলেখ ‘অখণ্ড’ৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ