অসম লাইভ২৪ঃ আকৌ কাৰাগাৰলৈ বিধায়ক অখিল গগৈ! বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ চলিব NIAৰ গোচৰৰ তদন্ত৷ মাওবাদীৰে সম্পৰ্ক থকা গোচৰ সন্দৰ্ভত চলিব তদন্ত৷ পূৰ্বে NIA আদালতে সকাহ দিছিল অখিল গগৈক৷ অখিল গগৈসহ ৪ কৃষক নেতাক দিছিল সকাহ৷
কিন্তু পুনৰ বিপদত অখিল গগৈ৷ ২৩ ফেব্ৰুৱাৰীত নিম্ন আদালতে গ্ৰহণ কৰিব শুনানি৷ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অখিল গগৈক৷ নিম্ন আদালতৰ ৰায়ক HCত প্ৰত্যাহ্বান জনাইছিল NIAএ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে NIAৰ সপক্ষে ৰায়৷ একেটা গোচৰতে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰৰ বিৰুদ্ধে চলিব তদন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ