ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক বিভিন্ন স্কিমৰ সুবিধা দি আহিছে৷ চৰকাৰে বিভিন্ন মানুহৰ চাহিদাৰ কথা মূৰত ৰাখি এই প্ৰকল্পসমূহ আনে৷ চৰকাৰী স্কিমসমূহৰ অধিকাংশই দুখীয়া আৰু অভাৱী মানুহৰ কল্যাণৰ বাবে পৰিচালিত হয়৷ চৰকাৰে দীৰ্ঘদিন ধৰি নাৰীৰ ক্ষমতায়ণৰ বাবে প্ৰচেষ্টা চলাই আহিছে৷
চৰকাৰে সকলো ক্ষেত্ৰতে মহিলাসকলক স্বনিৰ্ভৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে৷ নাৰীসকলক আৰ্থিকভাৱে সক্ষম কৰি তুলিবলৈ ভাৰত চৰকাৰে এটা নতুন প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত চৰকাৰে মহিলাসকলক ৫লাখ পৰ্যন্ত লোণ দিয়ে তাকো বিনা সুদত৷ প্ৰকৃততে অন্তৰ্বৰ্তী বাজেটত নাৰী ক্ষমতায়ণত জোৰ দিছে কেন্দ্ৰই৷
দেশৰ ৩ কোটি মহিলাক ‘লাখপতি দিদি’ বনোৱাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ বিগত ১৫ আগষ্টৰ স্বাধীনতা দিৱসতেই এই প্ৰকল্প আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ দেশজুৰি ২ কোটি মহিলাক লাখপতি কৰাৰ লক্ষ্য লৈছিল৷ অন্তৰ্বৰ্তী বাজেটত নিৰ্মলাই সেই লক্ষ্য বঢ়াই ৩কোটি কৰিলে৷ কেনেকৈ মহিলাসকলে এই স্কিমৰ সুবিধা পাব?
এই প্ৰকল্পৰ সুবিধা পাবলৈ মহিলাসকলে এটা স্বনিৰ্ভৰ গোষ্ঠীত যোগদান কৰিব লাগিব৷ এই ধৰণৰ গোষ্ঠী বা গোটসমূহ বেছিভাগেই গাওঁ এলেকাত বসবাসকাৰী নাৰীসকলৰ বাবে তৈয়াৰ কৰা৷ বহু নাৰী এই গোটত থাকে৷ যদি কোনো মহিলাই তেওঁৰ নিজা কোনো ব্যৱসায় আৰম্ভ কৰে তেন্তে এটা স্বনিৰ্ভৰ গোটৰ মাধ্যমেৰে ব্যৱসায়িক পৰিকল্পনাৰে লোনৰ আবেদন কৰিব পাৰে৷
লাখপতি বাইদেউ যোজনাৰ সুবিধা পাবলৈ আত্মসহায়ক গোটত যোগদান কৰাটো জৰুৰী৷ গোটৰ অন্তৰ্গত মহিলাসকলক চৰকাৰ কৰ্তৃপক্ষৰ পৰা দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰা হয়৷ প্ৰশিক্ষণো দিয়া হয়৷ তাৰপিছতহে লোনৰ বাবে আবেদন কৰিব পাৰে এগৰাকী মহিলাই৷ চৰকাৰী কৰ্মকৰ্তাই এই আবেদন পৰ্যালোচনা কৰি তাৰপিছত আবেদন মঞ্জুৰ হ’লে ৫লাখ পৰ্যন্ত সুদমুক্ত ঋণ লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ