নাছিল প্ৰচাৰৰ কোনো জাকজমকতা৷ ছবিত যিসকলে অভিনয় কৰিছিল, তেওঁলোকৰ মুখবোৰো খুব এটা পৰিচিত মুখ নাছিল৷ ছবি তৈয়াৰ কৰাৰ সময়তো বেছি খৰচ কৰিব পৰা নাছিল ছবি নিৰ্মাতাই৷ ছবিখনে যেতিয়া মুক্তি পাইছিল তেতিয়া দৰ্শকৰ মাজত এক ভিন্ন উন্মাদনা দেখা গৈছিল৷ আনকি ছবিখন চোৱাৰ বাবে প্ৰেক্ষাগৃহৰ বাহিৰত জোতা খুলি প্ৰৱেশ কৰিছিল দৰ্শকে৷ সত্তৰৰ দশকত বিজয় শৰ্মাৰ পৰিচালনাত প্ৰেক্ষাগৃহত মুক্তি পাইছিল পুৰাণ নিৰ্ভৰ ছবিয়ে৷ বলীউড সূত্ৰৰ খবৰ অনুসৰি সেই সময়ত এই ছবি নিৰ্মাণৰ বাবে খৰচ হৈছিল ২৫লাখ টকা৷ কিন্তু মুক্তিৰ পাছত বক্স অফিচত ২০০০শতাংশ লাভ কৰিছিল এই ছবিয়ে৷
১৯৭৫ চনৰ মে মাহৰ প্ৰেক্ষাগৃহত মুক্তি পাইছিল জয় সন্তোষী মা নামৰ হিন্দি ছবিখনে৷ অভিনয় কৰিছিল কানন কৌশল, অনিতা গুহ, ভাৰত ভূষণ, ত্ৰিলোক কাপূৰ আৰু আশিস কুমাৰে৷ জয় সন্তোষী মা মুক্তিৰ কেইমাহৰ ভিতৰত প্ৰেক্ষাগৃহত মুক্তি পাইছিল তাৰকাখচিত ছবি ‘শোলে’৷ শোলেৰ ওপৰিও অমিতাভ বচ্চনৰ আৰু এখন ছবিয়ে মুক্তি পাইছিল সেই বৰ্ষত৷ ১৯৭৫ চনৰ জানুৱাৰী মাহত মুক্তি পাইছিল অমিতাভৰ দিৱাৰ৷ বক্স অফিচত শোলে আৰু দিৱাৰৰ দৰে ছবিৰ সৈতে বক্স অফিচত টক্কৰ দিছিল জয় সন্তোষী মা ছবিখনে৷
অথচ সেই ছবিৰ কাহিনী বিশেষ লেখত ল’বলগীয়াও নাছিল৷ বলীউডৰ অধিকাংশৰে দাবী, সত্তৰৰ দশকত যি ধৰণৰ ছবিয়ে মুক্তি পাইছিল সেই তুলনাত জয় সন্তোষী মা ছবিখনৰ ভিছুৱেল এফেক্টৰ কাম বিশেষ উন্নত নাছিল৷ ছবিৰ সংলাপো আছিল অতি নাটকীয়৷ তাৰপিছতো ছবিখনে বক্স অফিচত দুৰ্দান্ত ব্যৱসায় কৰিছিল৷ সেই সময়ত দূৰ দুৰন্তৰ পৰা গৰু গাড়ীত উঠিও ছবিখন চাবলৈ প্ৰেক্ষাগৃহলৈ আহিছিল দৰ্শক৷ জয় সন্তোষী মা ছবিখনে এনে সাফল্য লাভ কৰিছিল যে এই ছবিৰ গানক ঈষ্হকক আৰতি বুলিয়েই ভাৱিছিল দৰ্শকে৷ গান লিখিছিল কবি প্ৰদীপে৷ সুৰ কৰিছিল ছি অৰ্জুনে৷ ভক্তিমূলক গানসমূহে মন চুইছিল দৰ্শকৰ৷
অলপ দিনৰ ভিতৰতেই গানসমূহ বিপুল জনপ্ৰিয় হৈছিল৷ ব্যৱসায়িক সাফল্যৰ দিশৰ পৰা শোলেৰ পাছতেই স্থান দখল কৰিছিল জয় সন্তোষী নায়ে৷ যদিও শোলেৰ তুলনাত বহু কম টকা উপাৰ্জন কৰিছিল তথাপিও এই ছবিৰ চৰ্চা বহুদিনলৈ চলিছিল৷ জয় সন্তুষী মা চোৱাৰ পাছত দৰ্শকে প্ৰেক্ষাগৃহৰ স্ক্ৰিণত ফুলৰ মালা পিন্ধাই দিছিল৷ বহুতে আকৌ উৰুলীও দিছিল স্ক্ৰিণলৈ চায়৷
জয় সন্তোষী মা ছবিখনৰ শ্ব’ শেষ হোৱাৰ পাছত দৰ্শকে প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰসাদ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছিল৷ এই ছবিৰ মহিলা দৰ্শকৰ সংখ্যাই বেছি৷ প্ৰেক্ষাগৃহত যিমান দিন জয় সন্তোষী মা ছবিখন চলিছিল সিমান দিনেই বিশেষ নিয়ম পালন কৰিছিল সন্তোষী মাৰ ভক্তসকলে৷ সন্তোষী মাৰ প্ৰতি শ্ৰদ্ধাবশত প্ৰতি শুকুৰবাৰে জোতা খুলি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল দৰ্শকে৷ জয় সন্তোষী মা ছবিত মুখ্যচৰিত্ৰত অভিনয় কৰিছিল অনিতা গুহে৷ ডাঙৰ পৰ্দাত সন্তোষী মাৰ চৰিত্ৰত অভিনয় কৰিছিল অনিতা গুহই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ