ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ
আজি ১৯ আগষ্ট তাৰিখে ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ৰক্ষা বন্ধন উৎসৱ সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। এই বিশেষ দিনটো উপলক্ষে দেশৰ বিভিন্ন ঠাইত বহু অফাৰ দিয়া হৈছে ভগ্নী তথা মহিলাসকললৈ। কোনোৱে যদি বিনা পইচাৰ যাত্ৰাৰ সবিধা দিছে, কোনোৱে মহিলা বিশেষ আঁচনি দিছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰক্ষাবন্ধনৰ দিনা প্ৰতিবাৰৰ দৰে ভগ্নী সকলক এটা ডাঙৰ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে। উত্তৰ প্ৰদেশত ঘোষণা কৰা হৈছে যে অহা ১৯ আৰু ২০ আগষ্টত পৰিবহণ নিগমৰ বাছত ভগ্নীসকলক বিনামূলীয়াকৈ যাত্ৰা কৰা হ’ব। এই দুদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে পৰিবহণ নিগমৰ বাছত বিনামূলীয়া যাত্ৰা কৰিব পাৰিব।
ইয়াৰ সমান্তৰালকৈ সুৰক্ষাবন্ধনৰ আজিৰ এই দিনটোতেই নয়ডা আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙেও মহিলাসকলক বিশেষ উপহাৰ দিছে। নয়ডা যান-বাহন আৰক্ষীয়ে সুৰক্ষাবন্ধনৰ দিনটোত মহিলাৰ চালান নাকাটে বুলি সদৰি কৰিছে। কিন্তু এইটো পাহৰি যোৱা উচিত নহয় যে যান-বাহনৰ নিয়ম মানি চলাটোও গুৰুত্বপূৰ্ণ। নিয়ম মানি নচলাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব , কেৱল সামান্য ভুলৰ বাবে পূৰ্বৰ দৰে আজিৰ দিনটোত মহিলাৰ পৰা চালান নাকাটে।
সুৰক্ষাবন্ধনৰ এই বিশেষ দিনটোত আৰক্ষীয়ে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ জিলাখনতে চলি আছে নিবিড় পৰীক্ষা অভিযান। কেৱল এয়াই নহয়, ডাঙৰ ডাঙৰ আৰু জনবহুল পথত মানুহৰ নিৰাপত্তা পৰীক্ষা কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে উৎসৱটো ভালদৰে পাৰ কৰা। সকলো কৰ্তব্য স্থানত উপস্থিত থাকিব যান-বাহন আৰক্ষী।
সকলোৱে যান-বাহনৰ নিয়ম মানি চলিব লাগে বুলি ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে। যদি কোনো মহিলাই পৰিয়ালৰ সদস্য বা স্বামীৰ সৈতে দুচকীয়া বাহনৰ পিছফালে বহি থকা ভায়েকৰ লগত ৰাখী বান্ধিবলৈ গৈ আছে, তেন্তে বাহন পৰীক্ষাৰ নামত তেওঁক হাৰাশাস্তি কৰা নহ’ব। কিন্তু হেলমেট পিন্ধিবলৈ আহ্বান জনাইছে সকলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ