মুখ্যমন্ত্ৰীৰ ঘোষণা- কাইলৈৰ পৰা অসমত বন্ধ সকলো বিহু অনুষ্ঠান
কাইলৈ ১০ মে’ তাৰিখ শনিবাৰৰ পৰা অসমত বন্ধ সকলো বিহু অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই জাননি। ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুঁজৰ বাবেই এই সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ।
এক্স হেণ্ডেল যোগে এই জাননি জাৰি মুখ্যমন্ত্ৰী শৰ্মাৰ। যুদ্ধৰ পৰিস্থিতক লৈ এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। যুদ্ধৰ সময়ত সকলোকে একত্ৰিত হৈ মাৰ বান্ধি থিয় হবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
এতিয়া উসৱৰ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী। Xযোগে ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ