ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই- আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই জে ডি ভ্যান্সে সদ্যহতে ভাৰত ভ্ৰমণ কৰি যায়। ভাৰতৰ সৈতে এক ভাল সম্পৰ্ক ভ্যান্সৰ। পাছে সেই ভ্যান্সেই এতিয়া মন্তব্য কৰিছে যে, – ভাৰত-পাকিস্তানৰ যুদ্ধত আমাৰ কোনো লেনদেন নাই
ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ এই বক্তব্যই চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁ স্পষ্ট কৰি দিছে যে আমেৰিকা এই সংঘাতত জড়িত হ’ব নোৱাৰে আৰু এই যুদ্ধ তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই।
ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “…আমি কেৱল দুয়ো দেশৰ লোকসকলক অলপ শান্ত হ’বলৈ উৎসাহিত কৰাৰ চেষ্টাহে কৰিব পাৰো, কিন্তু আমি যুদ্ধত জড়িত হ’ব নোৱাৰো। আমাৰ এই যুদ্ধত কোনো লেনদেন নাই।”
ভ্যান্সে লগতে কয়, সকলোৱে জানে যে আমেৰিকাই ভাৰতীয় কিম্বা পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ পেলাবলৈ ক’ব নোৱাৰে। আমেৰিকাই কেৱল কূটনৈতিক মাধ্যমেৰে এই বিষয়টো আগুৱাই লৈ যাব পাৰে। কেৱল এটাই আশা, এই যুদ্ধ পাৰমাণৱিক সংঘাতলৈ পৰিণত নহওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ