বৃহৎ লোকচান, সমগ্ৰ বিশ্বৰ পৰা ঋণৰ বাবে সহায় ভিক্ষা পাকিস্তানৰ
পেহেলগাম ঘটনাৰ পাছতে পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে। ইফালে পাকিস্তানৰ অৱস্থা অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আগত সহায় ভিক্ষা খুজিছে। চৰকাৰী এক্স একাউণ্ট যোগে এই সহায় বিচাৰিছে দেশখনে।
টুইটত প্ৰকাশ কৰা অনুসৰি, পাকিস্তান চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি ভাৰতীয় আক্ৰমণত পাকিস্তান যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত এতিয়া পাকিস্তান চৰকাৰে সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ দেশসমূহৰ পৰা অধিক ঋণ বিচাৰিছে।
https://x.com/ANI/status/1920696925117874247
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পাকিস্তানৰ চৰকাৰী একাউণ্টত প্ৰকাশিত এটা পোষ্টত প্ৰকাশ পাইছে এই তথ্য। পোষ্টটোত লিখিছে যে, “শত্ৰুৱে কৰা গধুৰ লোকচানৰ পিছত পাকিস্তান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক অধিক ঋণৰ বাবে আবেদন জনাইছে। যুদ্ধ বৃদ্ধি পোৱা আৰু ষ্টক হ্ৰাস পোৱাৰ মাজতে আমি আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক উত্তেজনা লাঘৱ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছো। ৰাষ্ট্ৰক দৃঢ়তাৰে থিয় দিবলৈ আহ্বান জনোৱা হৈছে।”
একে সময়তে ভাৰত-পাকিস্তানৰ উত্তেজনাক লৈ চীনৰ পৰাও এটা ডাঙৰ বিবৃতি প্ৰকাশ পাইছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা বৰ্তমানৰ পৰিস্থিতিক লৈ চীন চিন্তিত। ভাৰত আৰু পাকিস্তান ইজনে সিজনৰ চিৰ দিন চুবুৰীয়া দেশ। দুয়োখনদেশ চীনৰো প্ৰতিবেশী।
লগতে লিন জিয়ানে ইয়াকো কয় যে, চীন সকলো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধিতা কৰে। আমি দুয়োপক্ষকেই শান্তি আৰু স্থিৰতাৰ ব্যাপক স্বাৰ্থত কাম কৰিবলৈ, ৰাষ্ট্ৰসংঘৰ সনদসহ আন্তঃৰাষ্ট্ৰীয় আইনৰ পালন কৰিবলৈ, শান্ত থাকিবলৈ, সংযম অবলম্বন কৰিবলৈ আৰু এনে কাৰ্য্য এৰিবলৈ অনুৰোধ জনাইছোঁ যিবোৰে পৰিস্থিতি আৰু জটিল কৰিব পাৰে। আমি বৰ্তমানৰ উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত গঠনমূলক ভূমিকা লবলৈ আৰু আন আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে কাম কৰিবলৈ প্রস্তুত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ