বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে BCCI-এ লৈছে এক ডাঙৰ সিদ্ধান্ত। অনিৰ্দিষ্ট কাললৈ বাতিল আই পি এলৰ বাকি থকা সকলো খেল। এতিয়া আজিৰ পৰা অনুষ্ঠিত হ’ব লগা আই পি এল ছিজন ১৮ৰ কোনো মেচ খেলা নহ’ব।
কেন্দ্ৰ আৰু সকলো ফ্ৰেঞ্চাইজি আৰু অংশীদাৰৰ সৈতে আলোচনা কৰি ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ৯ মে’ তাৰিখৰ পৰা কোনো মেচ অনুষ্ঠিত নহব। লগতে সকলো বিদেশী খেলুৱৈক সুকলে নিজ নিজ দেশলৈ উভতাই পঠোৱা হব।
উল্লেখ্য যে, ধৰ্মশালাত বাতিল হোৱা খেলখনৰ পাছত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল অস্থিৰ হৈ পৰে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে পাঞ্জাৱ দলৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিংকে ধৰি সকলো খেলুৱৈয়ে অনতি পলমে ঘৰলৈ উভতি যাব বিচাৰে। অৱশ্যে ধৰ্মশালাত বিমানবন্দৰ বন্ধ হৈ থকাৰ বাবে তাৰ পৰা সকলো খেলুৱৈকে ৰে’লেৰে দিল্লীলৈ লৈ যোৱা হয়।
২০২৫ চনৰ আই পি এলত ৫৭খন মেচ সফলতাৰে সমাপ্ত হোৱাৰ বিপৰীতে ৮ মে’ত ধৰ্মশালাত খেলা ৫৮ সংখ্যক মেচ পাঞ্জাৱ বনাম দিল্লীৰ খেল নিৰাপত্তাজনিত কাৰণত মাজভাগতে বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰা আই পি এলৰ এখনো খেল অনুষ্ঠিত হোৱা নাই, আৰু আজি সম্পূৰ্ণ প্ৰতিযোগিতাখনেই বাতিল কৰাৰ কথা ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ