ভয় কৰাৰ প্ৰয়োজন নাই, দেশত পৰ্যাপ্ত পৰিমানে মজুত আছে খাৰুৱা তেল
ভাৰতৰ সৰ্ববৃহৎ তেল কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে শুকুৰবাৰে এক বিবৃতিত কয় যে দেশত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ এল পি জিৰ পৰ্যাপ্ত উপলব্ধতা আছে। এনে পৰিস্থিতিত মানুহে আতংকিত হোৱাৰ প্ৰয়োজন নাই।
ভাৰতীয় তেল নিগমৰ এই বক্তব্য এই কাৰণেই প্ৰকাশ কৰিছে , কাৰণ ছ’চিয়েল মিডিয়াত ভাৰত- পাকিস্তান যুদ্ধৰ বাবে পেট্ৰ’ল পাম্পৰ বাহিৰত বহু দেৰীলৈকে শাৰী পাতি থিয় হৈ নাগৰিকে তেল সংগ্ৰহ কৰিছে।
পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত বিশেষকৈ পেট্ৰ’ল-ডিজেলৰ সন্দৰ্ভত যথেষ্ট আতংকৰ সৃষ্টি হৈছে আৰু পেট্ৰ’ল পাম্পৰ বাহিৰত ইন্ধন ক্ৰয় কৰিবলৈ মানুহে শাৰী পাতিছে। আই অ’ চিয়ে কয়, ‘শান্ত হৈ থাকি আৰু অপ্ৰয়োজনীয় ভিৰৰ পৰা আঁতৰি থাকি আমাক উন্নত সেৱা প্ৰদান কৰাত সহায় কৰক। ইয়াৰ ফলত আমাৰ যোগান লাইনসমূহ নিৰৱচ্ছিন্নভাৱে চলি থাকিব।’
৮–৯ মে’ৰ নিশা পাকিস্তান সেনাই ভাৰতৰ কেইবাখনো চহৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ বিফল কৰে। ইয়াৰ পিছত ভাৰতে প্ৰতিশোধ লৈ পাকিস্তানৰ বহু চহৰৰ ৰাডাৰ ব্যৱস্থা ধ্বংস কৰি পেলালে।
সমগ্ৰ পশ্চিম সীমান্তত পাকিস্তানে একাধিক আক্ৰমণ চলাই জম্মু-কাশ্মীৰ আৰু পঞ্জাৱৰ কেইবাখনো চহৰত ব্লেকআউট জাৰি কৰা হয়। পৰিস্থিতিলৈ চালে ভাৰত-পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি হোৱাৰ আশংকা দেখা গৈছে।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে বুধবাৰে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে আক্ৰমণ চলাইছিল। ভাৰতৰ এই কাৰ্যত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে উচিত প্ৰত্যুত্তৰ দি পাকিস্তানৰ বহু চহৰত ৰাডাৰ ব্যৱস্থা ধ্বংস কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ