ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ পৰিবেশৰ মাজতেই নিজৰ দেশতো সুরক্ষা অতি কটকটীয়া কৰিছে ভাৰতীয় সেনাই৷ ইতিমধ্যেই জম্মু, ৰাজস্থানৰ একাংশ, গুজৰাটৰ একাংশ ঠাই ব্লেকআউট কৰা হৈছে৷ এইবাৰ ৰাজধানী দিল্লীৰো বহু এলেকা আক্ৰমণৰ আশংকাতেই খালী কৰি দিয়া হৈছে৷ ভাৰতীয় সেনাই সাধাৰণ মানুহৰ যাতে কোনো ক্ষতি নহয় সেইবাবেই পূৰ্বেই খালি কৰি দিয়া হৈছে দিল্লীৰ একাংশ এলেকা৷
ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ কৰি ইণ্ডিয়া গেট, ৰাইছিনা হিলছ এইসমূহ এলেকা দিল্লীৰ প্ৰাণকেন্দ্ৰ৷ যিহেতু সীমান্তবৰ্তী এলেকাত একাধিক ড্ৰোণ বাৰে বাৰে সোমাই পৰিছে সেয়ে সতৰ্কতামূলক পদক্ষেপ হিচাপে খালি কৰি দিয়া হৈছে ইণ্ডিয়া গেট আৰু তাৰ কাষৰীয়া এলেকাসমূহ৷
দিল্লীলৈ ফুৰিবলৈ অহা পৰ্যটকৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহৰো ভীষণ পছন্দৰ এলেকা এই ইণ্ডিয়া গেটৰ চৌপাশ৷ ৰাইছিনা হিলছৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি ভৱনলৈকে এই সমগ্ৰ এলেকাত হাই ছিকিউৰিটি মোতায়েন কৰা হৈছে৷
পাক আক্ৰমণৰ বিপৰীতে আক্ৰমণ চলাইছে ভাৰতৰ জল, স্থল আৰু বায়ুসেনাই৷ কৰাচি বন্দৰতো চলিছে আক্ৰমণ৷ ৮ ৰ পৰা ১২ টা বিস্ফোৰণৰ শব্দ শুনা গৈছে কৰাছি বিমান বন্দৰত৷ আই এন এছ বিক্ৰান্তে কৰাচি বন্দৰত আক্ৰমণ চলাইছে বুলি এক খবৰো প্ৰকাশ পাইছে৷
লাহোৰতো ভাৰতে চলাইছে আক্ৰমণ৷ সমগ্ৰ পাকিস্তানত জাৰি কৰা হৈছে ব্লেকআউট৷ পাকিস্তানৰ ৩ চহৰৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ৬০ টাকৈ মিছাইল বৰ্তমানলৈকে ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ২টাকৈ JF-17 বিমান আৰু ১টা F-16 বিমান ধ্বংস কৰিছে ভাৰতে৷ পাকিস্তানৰ ৩ যুদ্ধবিমান ধ্বংস কৰাৰ খবৰ বৰ্তমানলৈকে পোৱা গৈছে৷ ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে পাকিস্তানৰ ৩খন যুদ্ধবিমান৷ জম্মুৰ আকাশত একাধিক পাক ড্ৰোণ, ধ্বংস কৰিলে ভাৰতে৷ ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰিছে পাক ড্ৰোণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ