এসপ্তাহৰ বাবে স্থগিত আইপিএল৷ শুকুৰবাৰে সমাজমাধ্যমত ঘোষণা কৰিলে আইপিএল কৰ্তৃপক্ষ৷ ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ সচিব দেৱজিত লন শইকীয়াইয়ো একেই কথাই জনাইছে৷ ভাৰত-পাক সংঘাতৰ মাজত আইপিএল বন্ধ ৰাখিছে বৰ্ডে৷ বৃহস্পতিবাৰে জৰুৰী বৈঠকত আইপিএল স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হ’লেও বৰ্ড আৰু আইপিএলৰ তৰপৰ পৰা চৰকাৰী ঘোষণা কৰা হৈছে শুকুৰবাৰে দুপৰীয়া ২.৪৭ মিনিটত৷
আইপিএলৰ সূত্ৰৰ পৰা জনা গৈছে যে নিৰাপত্তাজনিত কাৰণতেই নহয়, মানৱিক কাৰণতো আইপিএল স্থগিত কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বৃহস্পতিবাৰৰ বৈঠকত৷ জনা গৈছে বৈঠকত আলোচনা হোৱা অনুসৰি ভাৰত-পাক সংঘৰ্ষ হৈ থকাৰ সময়তে আইপিএলৰ দৰে বিনোদনৰ এই মুহূৰ্ত অত্যন্ত দৃষ্টিকটূ৷ এফালে ভাৰতীয় সেনাই যেতিয়া যুদ্ধ কৰিছে তেতিয়া আইপিএলৰ মঞ্চত ডি জে বাজিছে, চিয়াৰলিডাৰসকলে নাচিছে, এইবোৰ একেবাৰেই ভাল বাৰ্তা নহয়৷ ফলত প্ৰতিযোগিতা স্থগিত কৰি দিয়াৰ সিদ্ধান্তক লৈ খুব বেছি ভাৱিব লগা একো নাই৷
আইপিএলৰ এতিয়াও লিগ পৰ্বত ১২খন মেচ বাকী আছে৷ ইয়াৰ সৈতে বৃহস্পতিবাৰে পঞ্জাৱ-দিল্লী মেচ বাতিল হ’লেও তাৰ পয়েণ্ট ভাগ কৰা হোৱা নাই৷ বৰ্ডে যদি পাছত আকৌ আইপিএলৰ আয়োজন কৰে তেন্তে এই মেচ আকৌ হ’ব পাৰে৷ ইয়াৰ সৈতে প্লে অফৰ চাৰিখন মেচ আছে৷ কলকাতাত কোৱালিফায়াৰ ২ আৰু ফাইনেল হোৱাৰ কথা আছিল৷ কিন্তু এসপ্তাহৰ পাছত আইপিএল আৰম্ভ হলে সলনি হব পাৰে সূচী৷ নতুন সূচী ঘোষণা কৰিব আইপিএলৰ তৰপৰ পৰা৷
শুকুৰবাৰে আইপিএলৰ তৰফৰ পৰা সামাজিক মাধ্যমত কোৱা হৈছে, ‘আইপিএলৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে স্থগিত কৰা হৈছে৷ সকলো পক্ষৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে৷ ক্ৰিকেটাৰ, সম্প্ৰচাৰকাৰী সংস্থা, স্পনছৰ, সমৰ্থকসকলৰ কথা ভৱা হৈছে৷ ভাৰতীয় সেনাৰ ওপৰত ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সম্পূৰ্ণ আস্থা আছে৷ দেশৰ কাষত আছে বৰ্ড৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেছন সিন্দূৰৰ বাবে ভাৰতীয় সেনাক বাহ বাহ দিছে আইপিএলে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ