ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উন্মাদনা৷ তাতেই এইবাৰ ছাইবাৰ আক্ৰমণ কৰাৰো সন্দেহ কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে৷ এই বিষয়ক লৈ সেয়ে পূৰ্বেই সতৰ্ক হৈছে ভাৰত৷ শুকুৰবাৰে ভাৰতৰ বেংক আৰু আৰ্থিক প্ৰতিষ্ঠানসমূহত ছাইবাৰ নিৰাপত্তা প্ৰস্তুতি মূল্যায়ণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক বিশেষ বৈঠকৰ আহ্বান জনাইছে৷
এই বৈঠকত চৰকাৰী আৰু বেচৰকাৰী বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, জাতীয় পেমেণ্ট কৰ্পৰেছন অফ ইণ্ডিয়া, মুম্বাই ষ্টক এক্সচেঞ্জ, জাতীয় ষ্টক এক্সচেঞ্জ আৰু ভাৰতীয় কম্পিউটাৰ জৰুৰী প্ৰতিক্ৰিয়া দলসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল একত্ৰিত হ’ব৷
ভাৰতৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ মাজত অন্যতম হিচাপে থাকে বেংকিং চিষ্টেম আৰু আৰ্থিক খাত৷ এইসমূহ ছাইবাৰ আক্ৰমণৰ লক্ষ্যবস্তু হ’ব পাৰে আৰু এই আশংকা কৰিয়েই এই পৰ্যালোচনা সভা হব৷ এই ধৰণৰ পৰিবেশত সদায়ে ছাইবাৰ আক্ৰমণৰ আশংকা থাকে৷ ভাৰতে ইতিমধ্যেই ছাইবাৰ নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে ৷
ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি, বিত্ত মন্ত্ৰণালয়ৰ অন্যান্য গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ সৈতে এই ছাইবাৰ আক্ৰমণক যথেষ্ট গুৰুত্ব সহকাৰে চাইছে আৰু ভাৰতৰ আৰ্থিক প্ৰতিষ্ঠানসমূহ যাতে সুৰক্ষিত থাকে সেই দিশতো নজৰ ৰখা হ’ব৷ বৃহস্পতিবাৰে নিশা পাকিস্তান ভাৰতৰ পশ্চিম সীমান্তত ড্ৰোণ আক্ৰমণ চলোৱা আৰু জম্মু কাশ্মীৰত যুদ্ধবিৰতি চুক্তি লংঘন কৰিছে পাকিস্তানে৷ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত ভাৰতে অভিযান চলোৱাৰ পাছতেই উত্তেজনা বৃদ্ধি পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ