ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰবল উত্তেজনাৰ সময়তেই হাস্পতালৰ ছাদসমূহত অঁকা হৈছে ৰেড ক্ৰছ চিহ্ন৷ দিল্লীৰ সকলো হাস্পতালৰ ছাদতেই ৰেড ক্ৰছ আঁকি দিয়াৰ নিৰ্দেশ দিছে ডাইৰেক্টৰ জেনেৰেল অফ হেলথ ছাৰ্ভিছেচে৷ পাকিস্তানৰ সৈতে যুদ্ধৰ মাজতেই আকাশপথেৰে আক্ৰমণৰ আশংকাত এই পদক্ষেপ লোৱা হৈছে৷ কিন্তু এই ৰেড ক্ৰছৰ অৰ্থ কি?
কেৱল দিল্লীৰেই নহয়, ইয়াৰ পূৰ্বে জম্মু কাশ্মীৰ প্ৰশাসনেও সীমান্ত এলেকাৰ হাস্পতালসমূহৰ ছাদত ৰেড ক্ৰছ চিহ্ন আঁকিবলৈ নিৰ্দেশ দিছিল৷ যুদ্ধ বা সংঘৰ্ষৰ মাজতেই এই পদক্ষেপ লোৱা সৈতে স্বাস্থ্য পৰিকাঠামোসমূহক ৰক্ষা কৰাৰ বাবে৷ মূলত বিমান আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ