বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ বাজি উঠিছিল ছাইৰেন৷ নামিছিল অন্ধকাৰো৷ নিয়ন্ত্ৰণৰেখা পাৰ হৈ বাৰতৰ ৩৬ খন চহৰক টাৰ্গেট কৰি উৰি আহিছিল ড্ৰোণ৷ তাৰপাছতেই দেৱালীৰ দৰে আকাশত ফুটি উঠিছিল এটাৰ পাছত এটা ড্ৰোণ৷ ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমৰ সন্মুখত শিৰনত কৰিবলৈ বাধ্য হৈছিল পাকিস্তান৷ সংবাদমেল সম্বোধন কৰি ইছলামাবাদৰ লজ্জাজনক কাণ্ডৰ কথা জনালে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে৷
কৰ্নেল ছোফিয়া কুৰেছি আৰু স্কোয়াড্ৰন লিডাৰ বোমিকা সিঙে স্পষ্টকৈ জনাইছে ৮ মে’ৰ সন্ধিয়া কি কি ঘটিছিল৷ সেনাৰ লৈ ছোফিয়া আৰু বোমিকাই জনাইছে যে ৭ মে’ৰ নিশাৰ পাছতেই আকৌ ৮ মে’ৰ সন্ধিয়া বাৰে বাৰে ভাৰতীয় আকাশ সীমা লঙ্ঘন কৰাৰ চেষ্টা কৰিছিল পাকিস্তানে৷ ভাৰতে নিস্ক্ৰিয় কৰা ড্ৰোণৰ ধ্বংসাৱশেষ পৰীক্ষা কৰি জনা গৈছে সেইসমূহ তুৰ্কীত তৈয়াৰ কৰা ‘Assisguard Songar’ মডেলৰ৷ তুৰ্কীৰ পৰা কিনা প্ৰায় ৩০০-৪০০ এই ড্ৰোণ লৈ আক্ৰমণ চলাইছিল পাকিস্তানে৷
সেনাৰ তৰফৰ পৰা সংবাদমেল আয়োজন কৰি জনোৱা হৈছে, মূলত ভাৰতৰ শক্তি পৰীক্ষা আৰু গুপ্ত তথ্য জানিবলৈকে এই ড্ৰোণ আক্ৰমণ কৰিছিল পাকিস্তানে. প্ৰকৃততে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমকেই পৰীক্ষা কৰিবলৈ আহিছিল এই ড্ৰোণ৷ কিন্তু তেওঁলোকৰ সমস্ত প্ৰচেষ্টাই ব্যৰ্থ কৰি দিছে সেনাই৷ হামাছ ষ্টাইলেৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল পাকিস্তানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ