প্লেয়াৰ আৰু IPLৰ সৈতে যুক্তসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এসপ্তাহৰ বাবে IPL স্থগিতৰ সিদ্ধান্ত লৈছে BCCIয়ে৷ এক সপ্তাহৰ পাছত IPL আকৌ আৰম্ভ হ’বনে সেয়া নিশ্চয়তা দিয়া হোৱা নাই৷ এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিছে ভাৰত আৰু পাকিস্তান দুই দেশৰ মাজৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত৷ চৰকাৰ পক্ষৰ পৰা অনুমতি নাহিলে IPL আৰম্ভ কৰিব নোৱাৰিব BCCIয়ে৷ এই অনিশ্চয়তাৰ মাজতে প্লেয়াৰসকলক ঘৰলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে বৰ্ডে৷
এই অশান্ত পৰিস্থিতিত আই পিএল খেলিবলৈ অহা অষ্ট্ৰেলিয়াৰ প্লেয়াৰসকলে ভাৰত এৰাৰ ইচ্ছাপ্ৰকাশ কৰিছিল৷ অষ্ট্ৰেলিয়াক বাদ দি একাধিক দেশৰ প্লেয়াৰে IPL খেলিবলৈ ভাৰতলৈ আহিছিল৷ অন্যহাতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্লেয়াৰে খেলিছে IPLত৷ সকলোকে ভাৰতত ৰখা মানে তেওঁলোকক বিশেষ নিৰাপত্তা দিয়া৷ এই পৰিস্থিতিত প্লেয়াৰসকলক পঠিয়াই দিয়াই শ্ৰেয় ভাৱিছে বৰ্ডে৷
বিদেশী প্লেয়াৰক পূৰ্বে পঠিওৱা হৈছে
একাধিক ৰিপৰ্টত প্ৰকাশ পাইছে যে অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা ক্ৰিকেট বৰ্ডে তেওঁলোকৰ প্লেয়াৰৰ নিৰাপত্তা আৰু এই পৰিস্থিতিত ভাৰতত থকাক লৈ আশংকা প্ৰকাশ কৰিছিল৷ BCCIৰ ওচৰতো বিশেষ আৰ্জি জনাইছিল৷ এই সন্দৰ্ভত টাইমছ অফ ইণ্ডিয়াক এগৰাকী IPL কৰ্মকৰ্তাই কয়, ‘প্লেয়াৰসকলক তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হব৷ আমি প্ৰত্যেক প্লেয়াৰ, ছাপৰ্ট ষ্টাফসকলক সহায় কৰিম৷ তেওঁলোকক দেশলৈ পঠিয়াই দিয়াত সহায় কৰিম৷ ভৱিষ্যতে যি সিদ্ধান্ত লোৱা হ’ব সেয়া প্লেয়াৰসকলক জনাই দিয়া হব৷ এতিয়া তেওঁলোক দেশলৈ পঠিয়াই দিয়াটোৱেই সঠিক হব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ