প্ৰতিৰক্ষা সূত্ৰৰ খবৰ অনুসৰি শুকুৰবাৰে নিশা নমাৰ লগে লগেই জম্মু, ছাম্বা আৰু পাঠানকোট চেক্টৰত আকৌ পাকিস্তানৰ ড্ৰোণ আক্ৰমণ৷ আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতীয় সেনাই৷
জম্মু এলেকাত বিস্ফোৰণৰ শব্দ শুনা বুলি খবৰ আহিছে৷ চহৰ জুৰি বাজি উঠিছে ছাইৰেণ৷ পাঠানকোট বিমানঘাঁটিতো আকাশপথেতে আক্ৰমণৰ ছাইৰেণ বাজিছে৷ সমগ্ৰ জম্মু আৰু পাঠানকোটত ব্লেকআউট জাৰি কৰা হৈছে৷ সম্পূৰ্ণ অন্ধকাৰত ডুবিছে দুই স্থান৷ ব্লেকআউট কৰা হৈছে অমৃতচৰতো৷
ইফালে লোককল্যাণ মাৰ্গত গুৰুত্বপূৰ্ণ বৈঠকত বহিছে প্ৰধানমন্ত্ৰী মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত চলিছে গুৰুত্বপূৰ্ণ বৈঠক৷ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা প্ৰধান চিডিএছ উপস্থিত আছে বৈঠকত৷ সাম্প্ৰদায়িক ৰং চটিওৱাৰো চেষ্টা কৰিছে পাকিস্তানে৷ মিছা আখ্যানেৰে তৈয়াৰ কৰা সম্পূৰ্ণ পৰিস্থিতিক সাম্প্ৰদায়িক ৰং লগোৱাৰ চেষ্টা চলাইছে পাকিস্তানে৷ এই দাবী কৰিছে বৈদেশিক সচিবে৷
কেৱল তাতেই শান্ত নাথাকি বিশ্বক বিভ্ৰান্ত কৰাৰো চেষ্টা চলাইছে পাকিস্তানে৷ পুঞ্চৰ গুৰুদ্বাৰত আক্ৰমণৰ দায় ভাৰতৰ ওপৰত দিয়াৰ চেষ্টা চলাইছে পাকিস্তানে৷ দাবী কৰিছে ভাৰতে নিজেই নিজৰ চহৰত আক্ৰমণ চলাইছে বুলি ভুৱা প্ৰচাৰ চলোৱাৰ কথাও বৈদেশিক সচিব বিক্ৰম মিস্ৰিয়ে জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ