ভাৰতৰ সৈতে সংঘাতৰ সময়তেই আকৌ এবাৰ পোহৰলৈ আহিছে পাক সেনাৰ চীন নিৰ্ভৰতাৰ কথা৷ অপাৰেছন সিন্দূৰৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় ভূখণ্ড আক্ৰমণৰ ওপৰিও প্ৰতি আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চীনৰ যুদ্ধবিমান, ড্ৰোণ, ক্ষেপণাস্ত্ৰ আৰু আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰতেই নিৰ্ভৰ কৰিছে জেনেৰেল আছিম মুনিৰৰ বাহিনীয়ে৷
পহেলগাম হত্যাকাণ্ডৰ ১৫ দিনৰ অন্তত বিগত ৬ মে’ৰ নিশা পাক অধিকৃত কাশ্মীৰ আৰু পাক পঞ্জাৱ প্ৰদেশৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ভাৰতীয় সেনাই ধ্বংস কৰিছে৷ মাৰ্কিন এফ-১৬, চীনা যুদ্ধবিমান জে এফ-১৭ থাণ্ডাৰ আৰু জে-১০ ছি ভিগোৰাছ ড্ৰেগন ব্যৱহাৰ কৰিছে পাকিস্তানে৷ চীনৰ চেংদু এয়াৰক্ৰাফ্টছ ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ সৈতে যৌথ উদ্যোগত নিৰ্মিত চতুৰ্থ প্ৰজন্মৰ মাল্টিৰোল কমবেট এয়াৰক্ৰাফ্ট জে এফ-১৭ৰ আধুনিকতম সংস্কৰণ ব্লক-৩ ভাৰতত আক্ৰমণ চলাওতে পাক বায়ুসেনাই ব্যৱহাৰ কৰিছে বুলি বিভিন্ন আন্তৰ্জাতিক সংবাদমাধ্যমৰ ৰিপৰ্টে প্ৰকাশ কৰিছে৷
ইয়াৰোপৰি আকাশৰ যুদ্ধত ভাৰতৰ ৰাফেলৰ মোকাবিলাৰ বাবে পাক বাহিনীৰ আধুনিকতম যুদ্ধবিমান জে-১০ চি আৰু চামিল হৈছিল বুলি কেইবাটাও ৰিপৰ্টে দাবী কৰিছে৷ একদলীয় চীনৰ চৰকাৰী সংবাদমাধ্যমেও এই দাবী কৰিছে৷ ভাৰতীয় বায়ুসেনাৰ ৰাফেলৰ মোকাবিলাৰ উদ্দেশ্যে ২০২২ চনত চীনৰ পৰা সেই যুদ্ধবিমান কিনিছিল পাক বায়ুসেনাই৷ অস্ত্ৰ বহন আৰু দূৰৈৰ পৰা উৰি অহা ৰাফেলৰ তুলনাত পিছুৱাই থাকিলেও গতিবেগত আগুৱাই আছে জে-১০ চি৷ ৰাফেলে প্ৰতি ঘণ্টাত সৰ্বোচ্চ ১৯১২ কিঃমিঃ বেগত উৰিব পাৰে৷ জে-১০য়ে ঘণ্টাত সৰ্বোচ্চ ২৪৯৫ কিঃমিঃ গতিত উৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ