শ্ৰীনগৰৰ ডাল লেকত শনিবাৰে পুৱাই উৰি আহি পৰিছে ক্ষেপণাস্ত্ৰৰ দৰে এবিধ সামগ্ৰী৷ তাৰপাছতেই চহৰত বিস্ফোৰণৰ শব্দ শুনা বুলি সংবাদসংস্থা পিটিআইক জনাইছে প্ৰশাসনৰ এগৰাকী বিষয়াই৷ সেই বিষয়াই জনোৱা অনুসৰি যেতিয়া সামগ্ৰীবিধ ডাল লেকত পৰিছিল, তেতিয়াই পানীৰ ওপৰত ধোঁৱা দেখা গৈছিল৷
পৰ্যটকসকলৰ অন্যতম আকৰ্ষণ হৈছে শ্ৰীনগৰৰ ডাল লেক৷ তাতেই শনিবাৰে পুৱা ক্ষেপণাস্ত্ৰৰ দৰে এবিধ সামগ্ৰী পৰাৰ খবৰ আহিছে৷ প্ৰশাসনৰ সূত্ৰৰ পৰা জনা গৈছে, শ্ৰীনগৰৰ ডাল লেকৰ পৰা সেই বস্তুবিধ তুলি আনিছে নিৰাপত্তাৰক্ষী বাহিনীয়ে৷ সেয়া ক্ষেপণাস্ত্ৰ কি পৰীক্ষা কৰি থকা হৈছে৷ পিটিআইয়ে জনাইছে শ্ৰীনগৰৰ উপকূলীয় এলেকাত আৰু এবিধ সন্দেহজনক সামগ্ৰী লাভ কৰিছে সেনাবাহিনীয়ে৷
শনিবাৰে বিদেশ মন্ত্ৰণালয় আৰু সেনাৰ যৌথ বিবৃত্তিত কোৱা হৈছে, ‘ভাৰতৰ পশ্চিম সীমান্ত পাকিস্তানৰ আক্ৰমণ জাৰি আছে৷ ভাৰতীয় সেনাঘাঁটিত নিশানা কৰা হৈছে৷ ড্ৰোণ আৰু অন্যান্য মাধ্যমেৰে গোলাবৰ্ষণ কৰিছে৷ অধিকাংশ আক্ৰমণত ভাৰতে নিষ্ক্ৰিয় কৰিছে৷ আদমপুৰ, উধমপুৰ, ভাতিণ্ডাৰ দৰে কিছু কিছু স্থানত ক্ষয়ক্ষতি হৈছে৷ শ্ৰীনগৰ, অবন্তিপুৰ, উধমপুৰ চিকিৎসাকেন্দ্ৰ, স্কুলসমূহক টাৰ্গেট কৰিছে পাকিস্তানী সেনাই৷ হাইস্পিড মিছাইলো এৰা হৈছে৷ তাৰ মাজতেই ডাল লেকত ক্ষেপণাস্ত্ৰমতে এবিধ সামগ্ৰী পৰা বুলি জনাইছে প্ৰশাসনে৷
শুকুৰবাৰে পুৱা ৰাজস্থানৰ জয়ছলমেৰৰ গাওঁত বোমাৰ দৰে সামগ্ৰীক লৈ চাঞ্চল্য বাঢ়িছে৷ সেই বস্তুবিধ পৰা দেখিছে গাওঁবাসীয়ে৷ ইয়াৰ সৈতে স্থানীয় প্ৰশাসনকো খবৰ দিছে তেওঁলোকে৷ সেনাবাহিনী আহি দ্ৰুত খালি কৰিছে সেই এলেকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ