পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই উত্তপ্ত ভাৰত-পাক দ্বিপাক্ষিক সম্পৰ্ক৷ ২২ এপ্ৰিলত বৈছৰণত পৰ্যটকসকলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি দেশবাসীক পূৰ্বেই আশ্বাস দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আক্ৰমণৰ ঠিক ১৫ দিনৰ মূৰত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অপাৰেছন সিন্দূৰ চলাইছিল ভাৰতীয় সেনাই৷ মে মাহৰ আৰম্ভণিতেই দুই প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল দুই দেশৰ৷ এই সমগ্ৰ ঘটনাক লৈ জ্যোতিষীয়ে কৰিছে বিশেষ মন্তব্য৷ জ্যোতিষীৰ গণনামতে সন্মুখত আৰু ডাঙৰ বিপদে অপেক্ষা কৰিছে পাকিস্তানৰ বাবে৷
পাকিস্তানৰ জন্মছকত মাৰক দশা
১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা কৰাচীত স্বাধীন দেশ হিচাপে জন্ম হৈছে পাকিস্তানৰ৷ সেয়ে জ্যোতিষ শাস্ত্ৰৰ হিচাপত এই সময়কেই পাকিস্তানৰ জন্মমুহূৰ্ত ধৰি সেই দেশৰ কোষ্ঠী বিচাৰ কৰা হয়৷ জ্যোতিষ গণনাত পাকিস্তানৰ জন্মছকত বৰ্তমান অত্যন্ত অশুভ মাৰক দশা চলি আছে৷ শুক্ৰৰ মহাদশা আৰু বুধৰ অন্তৰ্দশাও চলিছে পাকিস্তানৰ৷ জন্মছকৰ দ্বিতীয় ঘৰ, যি মৃ্ত্যুৰ ঘৰ আৰু সপ্তম ঘৰ, যি যুদ্ধ আৰু শত্ৰুতাৰ ঘৰ, তাতেই মাৰক দশা গঠিত হৈছে৷ ইয়াৰ প্ৰভাৱতেই নানান চেলেঞ্জৰ মাজেৰে যাব লাগিব সেই দেশ৷ বুধ আৰু শুক্ৰৰ অশুভ অৱস্থানৰ প্ৰভাৱত সন্মুখত আৰু কঠিন সময়ে অপেক্ষা কৰিছে পাকিস্তানৰ বাবে৷ মে মাহত ভাৰতৰ সৈতে সম্পৰ্ক আৰু উত্তপ্ত হৈ উঠাৰ ওপৰিও অন্তৰ্বৰ্তী সংকটো হ’ব পাৰে শ্বেহবাজ শৰিফৰ দেশৰ৷ পাকিস্তানী সংবাদমাধ্যমৰ ব্যৰ্থতা, কূটনৈতিক ক্ষতি আৰু সেনাবাহিনীৰ মাজত অসন্তোষ এই সময়ত প্ৰকট হৈ উঠিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ