ভাৰত-পাক সংঘৰ্ষৰ পৰিস্থিতিত আইনী বৈধতা আৰু লাইচেঞ্চ নথকা ৱাকি টকি অনলাইনত লিষ্টিং আৰু বিক্ৰি বন্ধৰ উদ্যোগ গ্ৰহণ কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ শুকুৰবাৰে এই কথা জনাইছে কেন্দ্ৰীয় ক্ৰেতা বিষয়ক মন্ত্ৰী প্ৰহ্লাদ জোশীয়ে৷
যি সমস্ত ৱাকি টকিৰ কাৰ্যকাৰিতাৰ তৰংগদৈৰ্ঘ্য, লাইচেঞ্চ প্ৰয়োজন হয় নে নহয় আৰু ইকুইপমেণ্ট টাইপ এপ্ৰুভেল সম্পৰ্ক স্পষ্ট তথ্য নাই, সেইসমূহ মূলত টাৰ্গেট কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ মন্ত্ৰীয়ে কয়, ‘জৰুৰী তথ্যৰ অনুপস্থিতি ক্ৰেতা সুৰক্ষা আইন ২০১৯, ভাৰতীয় টেলিগ্ৰাফ আইন ১৮৮৫, দ্যা ৱাৰলেছ টেলিগ্ৰাফি এক্ট ১৯৩৩ আৰু ২০১৮ চনৰ ল’ পাৱাৰ ৰেডিঅ’ ডিভাইছেছৰ ক্ষেত্ৰত লাইচেঞ্চ নলগাটোৱে একাধিক আইন ভংগ কৰা বুজায়৷’
নিয়মৰ আওতাত নপৰা এনে যন্ত্ৰসমূহে কেৱল আইন ভংগ কৰাই নহয়, জাতীয় নিৰাপত্তাও বিঘ্নিত কৰিব পাৰে বুলি সংশয় প্ৰকাশ কৰিছে কেন্দ্ৰীয় ক্ৰেতা সুৰক্ষা কৰ্তৃপক্ষই৷ ই কমাৰ্ছ প্লেটফৰ্মৰ বিশ্বাসযোগ্যতা বঢ়াবলৈ ক্ৰেতাসকলৰ সুৰক্ষা আইনৰ ১৮(২) (১) ধাৰাত এক নিৰ্দেশিকা কেন্দ্ৰই প্ৰকাশ কৰিব বুলি জনাইছে প্ৰহ্লাদ যোশীয়ে৷ দেশৰ সমস্ত ই কমাৰ্ছ সংস্থাসমূহ অনৈতিক ব্যৱসায়িক কাৰ্যকলাপ বন্ধ আৰু জৰিমনা এৰাবলৈ কঠোৰভাৱে পৰিবৰ্তিত নিৰ্দেশিকা মানি চলাৰ নিৰ্দেশ দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ