অবিলম্বে পূৰ্ণাংগ যুদ্ধবিৰতিত ৰাজি হৈছে ভাৰত আৰু পাকিস্তান৷ শনিবাৰে এই দাবী কৰিলে মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ নিজৰ সামাজিকমাধ্যমত ট্ৰাম্পে লিখিছে, ‘আমেৰিকাৰ মধ্যস্থতাতেই দীৰ্ঘ আলোচনাৰ পাছত আমি আনন্দৰ সৈতে ঘোষণা কৰিছো যে ভাৰত আৰু পাকিস্তানে অবিলম্বে পূৰ্ণ যুদ্ধবিৰতিত সন্মত হৈছে৷’
ইয়াৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বক স্বাগত জনাই ট্ৰাম্পৰ মন্তব্য, ‘বাস্তৱজ্ঞান আৰু অসাধাৰণ বুদ্ধিমত্তাৰ সদ্ব্যৱহাৰ কৰাৰ বাবেই দুই দেশক অভিনন্দন৷ এই যুদ্ধবিৰতিত মনোযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ৷! পাক উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী মহম্মদ ইছাক দাৰেও যুদ্ধবিৰতি মনোযোগ দিয়াৰ বাবে আপোনালোকক ধন্যবাদ!’ পাক উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী মহম্মদ ইছাকে দাৰেও যুদ্ধবিৰতিক লৈ নতুন দিল্লী-ইছলামাবাদে ঐক্যমতৰ কথা জনাইছে৷
মাৰ্কিন বিদেশমন্ত্ৰী মাৰ্কো ৰুবিয়ো শনিবাৰে যুদ্ধবিৰতিৰ কথা জনাই এক্সত লিখিছে, ‘ভান্স মাৰ্কিন ভাইছ প্ৰেছিডেণ্ট আৰু আমি বিগত ৪৮ ঘণ্টা ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰিফ, ভাৰতীয় বিদেশমন্ত্ৰী এছ জয়শংকৰ, পাক সেনাপ্ৰধান আসিম মুনিৰ আৰু ভাৰতৰ জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আছিল মালিকসহ ঊৰ্ধতন ভাৰতীয় আৰু পাকিস্তানী কৰ্মকৰ্তাসকলৰ সৈতে কথা পাতিছো৷’ তাৰেই পৰিণতিত সংঘৰ্ষবিৰতি হৈছে বুলি জনাইছে তেওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ