ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাক ধ্বংস কৰা সংক্ৰান্তত পাকিস্তানৰ দাবী ভুৱা বুলি দাবী কৰিছে নতুন দিল্লীয়ে৷ সেনাৰ তৰফৰ পৰা জনোৱা হৈছে, ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা এছ-৪০০ ক ধ্বংস কৰিব পৰা নাই পাক যুদ্ধবিমান জে এফ-১৭য়ে৷ ইয়াৰোপৰি সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ সেয়ে পাকিস্তানৰ কোনো ধৰ্মীয় স্থানত ভাৰতে আক্ৰমণ কৰা নাই৷ ইছলামাবাদে কৰা এইসমূহ দাবী সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে নতুন দিল্লীয়ে৷
যুদ্ধবিৰতি বাহালা থাকিলেও যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুতো থাকিব ভাৰত৷ ভাৰতীয় সেনাৰ পৰা দিয়া সংবাদমেলত জনোৱা হৈছে যে যুদ্ধবিৰতি বাহাল থাকিব৷ কিন্তু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সদায়ে প্ৰস্তুত থাকিব ভাৰতীয় সেনা৷
দুই দেশৰ সংঘাতত পাকিস্তানৰ বৃহৎ ক্ষয়ক্ষতি হৈছে বুলি জনাইছে সেনাই৷ সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে পাকিস্তানৰ একাধিক সামৰিক কাঠামোৰ বিপুল ক্ষতি হৈছে৷ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত পাক বিমানঘাঁটিসমূহো ভীষণভাৱে ক্ষতিগ্ৰস্থ হৈছে বুলি জনাইছে সেনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ