ভাৰত আৰু পাকিস্তানৰ মাজত অস্ত্ৰবিৰতিৰ বাবে ৩৬খন দেশ সক্ৰিয় আলোচনাত জড়িত আছিল৷ এই দাবী কৰিছে পাকিস্তানৰ উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী ইশাক দাৰে৷ সংবাদ সংস্থা ৰয়টাৰ্ছৰ দাবী যে পাক সংবাদমাধ্যম জিঅ’ নিউজক ইশাকে কয়, ‘তিনি ডজন দেশে সক্ৰিয় কূটনীতিত যুক্ত আছিল৷’ মাৰ্কিন বিদেশসচিব মাৰ্কো ৰুবিওৰ ওপৰিও ছৌদি আৰৱ আৰু তুৰ্কীৰ সৈতে অস্ত্ৰবিৰতি সংক্ৰান্তিয় আলোচনাত বহিছিল পাক বিদেশমন্ত্ৰী৷ ইশাকৰ বক্তৱ্য, ‘আংশিক অস্ত্ৰবিৰতি নহয়, পাকিস্তান আৰু ভাৰত সম্পূৰ্ণ অস্ত্ৰবিৰতিৰ বাবে ৰাজি হৈছে৷ যুদ্ধবিৰতিৰ পাছতেই নিজৰ আকাশসীমাও খুলি দিছে পাকিস্তানে৷’
পাক সংবাদমাধ্যম ‘ডন’ৰ প্ৰতিবেদন অনুসৰি পাকিস্তানী উপপ্ৰধানমন্ত্ৰীয়ে জনাইছে যে শনিবাৰে পুৱা ব্ৰিটেইনৰ বিদেশসচিব ডেভিড লেমিৰ সৈতে বাৰ্তালাপ হৈছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত অস্ত্ৰবিৰতিৰ বাবে লেমিৰ ভূমিকাৰ কথাও উল্লেখ কৰিছে৷ পাক বিদেশমন্ত্ৰীয়ে জিঅ’ নিউজত কয়, ‘আমি যৌথভাৱে যুদ্ধবিৰতিত সন্মতি জনাইছো৷’
শনিবাৰে বিয়লি মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰথম ঘোষণা কৰে ভাৰত পাক অস্ত্ৰবিৰতিৰ কথা৷ আমেৰিকাৰ মধ্যস্থতাৰ কথা উল্লেখ কৰি দুই দেশৰ পূৰ্ণাংগ অস্ত্ৰবিৰতিৰ ঘোষণা কৰিছে ট্ৰাম্পে৷ তাৰবাবে দুইদেশকেই অভিনন্দন জনাইছে৷ মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্সে ভাৰত আৰু পাকিস্তানী শীৰ্ষ অধিকাৰীসকলৰ সৈতে কথা পাতিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশমন্ত্ৰী এছ জয়শংকৰ, জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে কথা হৈছে তেওঁলোকৰ৷ আকৌ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফ, পাক সেনাপ্ৰধান আচিম মুনিৰ আৰু পাক নিৰাপত্তা উপদেষ্টা আছিম মালিকৰ সৈতে কথা কৈছে ভান্স আৰু ৰুবিয়েও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ