পাকিস্তানৰ সৈতে সংঘৰ্ষবিৰতিৰ সিদ্ধান্ত লৈছে ভাৰতে৷ পূৰ্ব ঘোষণাৰ আধাৰত শনিবাৰে সন্ধিয়া ৬ বজাত সংবাদমেল আয়োজন কৰিছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে৷ তেওঁ কয়, ‘আজি বিয়লি ৫ বজাৰ পৰা ভাৰত আৰু পাকিস্তানক সকলো ধৰণৰ সংঘৰ্ষৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে৷ মাত্ৰ ১ মিনিটৰ বাবে সংবাদমেল সম্বোধন কৰিছে বিক্ৰম মিশ্ৰীয়ে৷
শনিবাৰে দুই দেশৰ ডিৰেক্টৰ জেনেৰেল অফ মিলিটাৰি অপাৰেছনছৰ মাজত বিশেষ বাৰ্তালাপ হোৱা বুলি জনাইছে বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে৷ দুই দেশৰ আলোচনাৰ মাধ্যমেৰে সংঘৰ্ষ বিৰতিত চিলমোহৰ মাৰিছে দুই দেশে৷ শনিবাৰে বিয়লি ৫বজাৰ পৰা সংঘৰ্ষবিৰতিৰ সিদ্ধান্ত হয়৷ পৰবৰ্তী আলোচনা হ’ব ১২ মে’ত৷
এই আলোচনাৰ পূৰ্বেই ভাৰত-পাকিস্তানৰ তীব্ৰ সংঘাতৰ মাজত যুদ্ধবিৰতিক লৈ বিশেষ দাবী কৰিছিল ডোনাল্ড ট্ৰাম্পে৷ ভাৰত আৰু পাকিস্তানৰ সংঘাত কমিব অৰ্থাৎ দুই দেশেই সংঘৰ্ষবিৰতিত ৰাজি হ’ব বুলি দাবী কৰিছিল ট্ৰাম্পে৷
পাক সেনাৰ ফোন ভাৰতৰ সেনাকৰ্তাক
বিদেশসচিব মিশ্ৰীয়ে জনাইছে যে শনিবাৰে দুপৰীয়া ৩ বাজি ৩৫ মিনিটত ভাৰতীয় সেনাৰ ডাইৰেক্টৰ জেনেৰেল মিলিটাৰি অপাৰেছনক ফোন কৰিছে পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল মিলিটাৰি অপাৰেছনৰ পৰা৷ তাৰ পাছতেই দু’পক্ষই বোমাবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি জনাইছে তেওঁ৷
কি কৈছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে?
জয়শংকৰে সামাজিক মাধ্যমত লিখিছে, ‘আজি ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযান আৰু বোমাবৰ্ষণ বন্ধ কৰাৰ বিষয়ে এক বুজাপৰা হৈছে৷’ ইয়াৰ সৈতে তেওঁ লিখিছে, ‘ভাৰতে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় আৰু আপোচহীন অৱস্থান লৈ আহিছে৷ সেয়া বৰ্তাই ৰাখিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ