• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

1 year ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

4 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

4 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

5 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

5 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

6 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

7 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

8 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

9 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

10 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

10 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ

editor by editor
May 10, 2025
in জীৱনশৈলী
0
শত্ৰুক নিঃশেষ কৰাত পাৰ্গত ভাৰতৰ অস্ত্ৰভাণ্ডাৰ পঞ্চৰত্ন! পাক প্ৰত্যাক্ৰমণৰ বাবে ভাৰতে সাজু ৰাখিছে এই ৫ যুদ্ধাস্ত্ৰ
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত পাকিস্তানৰ সংঘাত অব্যাহত আছে৷ বিগত ২২ এপ্ৰিলত পহেলগামৰ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ২৬গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱাইছিল৷ সেই আক্ৰমণৰ জৱাব দিবলৈকে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত প্ৰত্যাঘাত হানিছে ভাৰতে৷ ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ নাম দিয়া হৈছে অপাৰেছন সিন্দূৰ৷

মঙলবাৰে মাজনিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিক টাৰ্গেট কৰি সেইসমূহ গুৰি কৰি দিছে ভাৰতীয় সেনাই৷ অপাৰেছন সিন্দূৰৰ পাছতেই পাক সেনাইয়ো জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত বাৰে বাৰে বোমাবৰ্ষণ আৰম্ভ কৰিছে পাক সেনাই৷ পাকিস্তানৰ বোমাবৰ্ষণৰ জৱাব দিছে ভাৰতেও৷ বৃহস্পতিবাৰে মাজনিশা বহু বাৰ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানী ড্ৰোণ৷

সেনা সূত্ৰৰ খবৰ অনুসৰি ভাৰতৰ ৩৬ স্থানত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ প্ৰতিবাৰেই পাকিস্তানৰ সেই প্ৰচেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় বাহিনীয়ে৷ ৩০০ৰ পৰা ৪০০ বাৰ ড্ৰোণ আক্ৰমণৰ চেষ্টা কৰিছে পাকিস্তানে৷ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰে সেই আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতীয় সেনাই৷ কেইবাখনো পাক ড্ৰোণ ধ্বংস কৰিছে ভাৰতে৷

পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰাৰ ওপৰিও কৌশলগত যুদ্ধৰ সমস্ত প্ৰস্তুতিও চলাইছে ভাৰতে৷ ভাৰত-পাক যুদ্ধৰ মাজত কি কি কৰণীয় আছে তাৰ পৰিকল্পনা পূৰ্বেই কৰিছে ভাৰতে৷ সৈন্যশক্তিৰ নিৰিখত হওক বা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ সকলো ফালেৰেই ইছলামাবাদৰ সৈতে টক্কৰ দিবলৈ সক্ষম ভাৰত৷

ভাৰতৰ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰে চুবুৰীয়া শত্ৰু দেশৰ বুকু কঁপাই দিয়াৰ বাবে যথেষ্ট৷ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ অধিকাৰী দেশ হিচাপে ভাৰতে বিশ্বৰ সাতখন দেশৰ মাজত নিজৰ নাম উজলাই তুলিছে৷ ভাৰতৰ হাতত যিসমূহ ক্ষেপণাস্ত্ৰ আছে সেই ক্ষেপণাস্ত্ৰৰে কেই মিনিটৰ ভিতৰতেই শত্ৰুদেশ পাকিস্তানক শেষ কৰি পেলাব পাৰে৷ ব্ৰহ্মাছ, অগ্নি আৰু প্ৰলয়ৰ দৰে ক্ষেপণাস্ত্ৰসমূহ শত্ৰুপক্ষক ধৰাশাৰী কৰাৰ বাবে যথেষ্ট৷

ভাৰত আৰু পাকিস্তানৰ সম্মুখ সমৰত উপস্থিত হ’লে যি পাঁচটা ক্ষেপণাস্ত্ৰ সকলো সকলোতকৈ বেছি ব্যৱহাৰৰ সম্ভাৱনা আছে সেইসমূহ হৈছে ব্ৰহ্মছ, অগ্নি, প্ৰলয়, নিৰ্ভয় আৰু শৌৰ্য৷ শত্ৰুপক্ষক ৰখাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ হাতত থকা এই ক্ষেপণাস্ত্ৰসমূহ ভাৰতৰ প্ৰতিৰক্ষা আৰু সেনা অভিযানৰ গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ সক্ষম বুলি ধাৰণা কৰিছে যুদ্ধবিশেষজ্ঞসকলে৷

স্বাধীনতাৰ পাছৰে পৰাই ভাৰতৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ বৃদ্ধি পাইছে৷ ক্ষেপণাস্ত্ৰৰ দিশৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত পাৰ্থক্য আছে৷ ভাৰতীয় ক্ষেপণাস্ত্ৰসমূহৰ তুলনাত পিছুৱাই আছে ইছলামাবাদৰ অস্ত্ৰসমূহ৷ বৰ্তমান হাইপাৰছনিক ক্ষেপণাস্ত্ৰ তৈয়াৰৰ দিশত নজৰ দিছে ডিআৰডিঅই৷ ইয়াত প্ৰাথমিক সাফল্যও পাইছে ভাৰতে৷

ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ হোৱা ক্ৰুজ ক্ষেপণাস্ত্ৰ ব্ৰহ্মোছ৷ ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰসমূহক যুদ্ধজাহাজ, যুদ্ধবিমান আৰু মাটিত থকা লঞ্চাৰৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰে৷ শব্দৰ প্ৰায় তিনি গুণ বেছি গতিত যাত্ৰা কৰি এই ক্ষেপণাস্ত্ৰ৷ ২০০৫ চনৰ নৱেম্বৰৰ পৰা এই ব্ৰহ্মোছ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে ভাৰতীয় সেনাৰ তিনি বাহিনীয়ে৷

অস্ত্ৰৰ বজাৰত বাঢ়িছে ভাৰতৰ এই ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ চাহিদা৷ ৪০০ কিঃমিঃ দূৰত্ব পৰ্যন্ত যিকোনো লক্ষ্যবস্তুত সফলভাৱে আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই৷ শত্ৰু দেশৰ ৰেডাৰেও এই অত্যাধুনিক ক্ষেপণাস্ত্ৰ ধৰা পেলাব নোৱাৰে৷ স্থল কিংবা পানী যিকোনো লক্ষ্যবস্তুক আঘাত কৰিবলৈ সক্ষম এই ক্ষেপণাস্ত্ৰ৷

ভাৰতৰ হাতত তিনি ধৰণৰ ক্ৰুজ ক্ষেপণাস্ত্ৰ আছে৷ এই তালিকাত ব্ৰহ্মোছ ছুপাৰছনিক, ব্ৰহ্মোছ-২, নিৰ্ভয়ো আছে৷ এই ক্ষেপণাস্ত্ৰই এক হাজাৰৰ পৰা ডেৰ হাজাৰ কিঃমিঃ দূৰত্বলৈ গৈ লক্ষ্যবস্তুত আঘাত কৰিব পাৰে৷ ই পাৰমাণৱিক বোমাও বহন কৰিব পাৰে৷

লক্ষ্যত আঘাত কৰি শত্ৰু নিশেষ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত তৈয়াৰী ক্ৰুজ ক্ষেপণাস্ত্ৰ নিৰ্ভয়ৰ সাফল্যৰ হাৰ ৯০ শতাংশ৷ এই দাবী প্ৰস্তুতকাৰক সংস্থা ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেছনৰ৷ ৬ মিটাৰ দৈৰ্ঘ্যৰ ১ হাজাৰ কিঃমিঃ দূৰৈত এই ক্ষেপণাস্ত্ৰই শব্দতকৈ কম গতিবেগত যাত্ৰা কৰি লক্ষ্যবস্তুত আঘাত কৰে৷

২০১৩ চনৰ ১২ মাৰ্চত নিৰ্ভয়ৰ উৎক্ষেপণ কৰা হৈছিল৷ কিন্তু প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে উৎক্ষেপণৰ পাছতেই নষ্ট হৈ মাটিত পৰি যায়৷ তাৰপাছত ২০১৪ চনত পুনৰ উৎক্ষেপণ কৰা হয়৷ ২০১৫ আৰু ১৬ চনত দুবাৰ উৎক্ষেপণ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ৷ কিন্তু পাছৰ কেইবাৰৰ উৎক্ষেপণত নিখুঁত লক্ষ্যভেদ কৰিবলৈ সক্ষম হৈছিল নিৰ্ভয়ে৷ ২০১৭ চনত নিৰ্ভয়ৰ পৰীক্ষামূলক সফল উৎক্ষেপণ কৰা হয়৷ পাঁচৰ পৰা ছয় কিঃমিঃ প্ৰতি ছেকেণ্ড গতিত তিনি হাজাৰ কিঃমিঃ যাব পাৰে অগ্নি-৩৷ ২০১১ চনত ইয়াক ভাৰতীয় সেনাবাহিনীৰ অস্ত্ৰভাণ্ডাৰৰ তালিকাভুক্ত কৰা হৈছিল৷

২০২২ চনৰ পৰা ভাৰতীয় সেনাৰ হাতত থকা অস্ত্ৰৰ তালিকাত আছে প্ৰলয়৷ ১৫০ৰ পৰা ৫০০ কিঃমিঃ পৰ্যন্ত গৈ এই ক্ষেপণাস্ত্ৰই নিখুঁত আঘাত কৰিব পাৰে৷ যুদ্ধৰ সময়ত ইয়াৰ গেম চেঞ্জাৰ হৈ উঠাৰ ক্ষমতা আছে বুলি দাবী কৰিছে প্ৰতিৰক্ষা বিশ্লেষকে৷ ৩৫০ৰ পৰা ৭০০ আৰু ৫০০ৰ হাজাৰ কেজিৰ উচ্চ শক্তিৰ বিস্ফোৰক ব্যৱহাৰ কৰে প্ৰলয়ে৷ স্থলসেনাৰ ওপৰিও বায়ুসেনাইয়ো এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰে৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত তৈয়াৰ হোৱা প্ৰলয় ক্ষেপণাস্ত্ৰ নিৰ্মাণত হাত আছে প্ৰতিৰক্ষা গৱেষণা সংস্থা ডিআৰডিঅৰ৷ ডিআৰডিঅই তৈয়াৰ কৰা এই ক্ৰুজ ক্ষেপণাস্ত্ৰ পৃথ্বীৰ তুলনাত কিছু পাতল প্ৰলয়৷

এই ক্ষেপণাস্ত্ৰ পাৰ্বত্য এলেকাত ব্যৱহাৰ কৰা সহজ৷ ইয়াৰোপৰি পৰমাণু অস্ত্ৰ বহনৰ উপযোগী উন্নত প্ৰযুক্তিৰ এই বেলিষ্টিক ক্ষেপণাস্ত্ৰই মাজ আকাশতেই গতিপথ সলনি কৰিবলৈ সক্ষম৷ ফলত শত্ৰুপক্ষৰ ইণ্টাৰছেপ্টৰ ক্ষেপণাস্ত্ৰক এৰি নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিব পাৰে প্ৰলয়ে৷ ২০২০ চনত পূৰ্ব লাডাখত চীনা ফৌজৰ আগ্ৰাসন আৰু গালোৱান উপত্যকাত ৰক্তাক্ত সংঘৰ্ষৰ পাছতেই এল এছিত প্ৰলয় মোতায়েন কৰে ভাৰতীয় সেনাই৷

ভাৰতৰ অস্ত্ৰভাণ্ডাৰত আছে শৌৰ্যও৷ ই এটা হাইপাৰছনিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ৷ আধুনিক এই যুদ্ধাস্ত্ৰটিও পাৰমাণৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম৷ শৌৰ্যই শত্ৰুৰ ৰেডাৰক ফাঁকি দিয়াত পাৰদৰ্শী৷ ই ভাৰতৰ উন্নত বেলিষ্টিক ক্ষেপণাস্ত্ৰসমূহৰ মাজত অন্যতম৷ যুদ্ধৰ পৰিস্থিতিত ই শত্ৰুৰ বাবে ধ্বংসৰ বাৰ্তা আনিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

কোষ্ঠীত এতিয়া মাৰক দশা, ঘোৰ সংকটত পাকিস্তান, মে মাহতেই উচিত উত্তৰ দিব ভাৰতে?

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

আহি আছে ডাঙৰ বিপদ, মে মাহৰ শেষ ১৫ দিনত এটাৰ পাছত আনটো চেলেঞ্জ ৪ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.