ভাৰত পাকিস্তানৰ সংঘাত অব্যাহত আছে৷ বিগত ২২ এপ্ৰিলত পহেলগামৰ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ২৬গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱাইছিল৷ সেই আক্ৰমণৰ জৱাব দিবলৈকে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত প্ৰত্যাঘাত হানিছে ভাৰতে৷ ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ নাম দিয়া হৈছে অপাৰেছন সিন্দূৰ৷
মঙলবাৰে মাজনিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিক টাৰ্গেট কৰি সেইসমূহ গুৰি কৰি দিছে ভাৰতীয় সেনাই৷ অপাৰেছন সিন্দূৰৰ পাছতেই পাক সেনাইয়ো জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত বাৰে বাৰে বোমাবৰ্ষণ আৰম্ভ কৰিছে পাক সেনাই৷ পাকিস্তানৰ বোমাবৰ্ষণৰ জৱাব দিছে ভাৰতেও৷ বৃহস্পতিবাৰে মাজনিশা বহু বাৰ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানী ড্ৰোণ৷
সেনা সূত্ৰৰ খবৰ অনুসৰি ভাৰতৰ ৩৬ স্থানত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ প্ৰতিবাৰেই পাকিস্তানৰ সেই প্ৰচেষ্টা ব্যৰ্থ কৰিছে ভাৰতীয় বাহিনীয়ে৷ ৩০০ৰ পৰা ৪০০ বাৰ ড্ৰোণ আক্ৰমণৰ চেষ্টা কৰিছে পাকিস্তানে৷ আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰে সেই আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতীয় সেনাই৷ কেইবাখনো পাক ড্ৰোণ ধ্বংস কৰিছে ভাৰতে৷
পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰাৰ ওপৰিও কৌশলগত যুদ্ধৰ সমস্ত প্ৰস্তুতিও চলাইছে ভাৰতে৷ ভাৰত-পাক যুদ্ধৰ মাজত কি কি কৰণীয় আছে তাৰ পৰিকল্পনা পূৰ্বেই কৰিছে ভাৰতে৷ সৈন্যশক্তিৰ নিৰিখত হওক বা ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ সকলো ফালেৰেই ইছলামাবাদৰ সৈতে টক্কৰ দিবলৈ সক্ষম ভাৰত৷
ভাৰতৰ ক্ষেপণাস্ত্ৰ ভাণ্ডাৰে চুবুৰীয়া শত্ৰু দেশৰ বুকু কঁপাই দিয়াৰ বাবে যথেষ্ট৷ আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ অধিকাৰী দেশ হিচাপে ভাৰতে বিশ্বৰ সাতখন দেশৰ মাজত নিজৰ নাম উজলাই তুলিছে৷ ভাৰতৰ হাতত যিসমূহ ক্ষেপণাস্ত্ৰ আছে সেই ক্ষেপণাস্ত্ৰৰে কেই মিনিটৰ ভিতৰতেই শত্ৰুদেশ পাকিস্তানক শেষ কৰি পেলাব পাৰে৷ ব্ৰহ্মাছ, অগ্নি আৰু প্ৰলয়ৰ দৰে ক্ষেপণাস্ত্ৰসমূহ শত্ৰুপক্ষক ধৰাশাৰী কৰাৰ বাবে যথেষ্ট৷
ভাৰত আৰু পাকিস্তানৰ সম্মুখ সমৰত উপস্থিত হ’লে যি পাঁচটা ক্ষেপণাস্ত্ৰ সকলো সকলোতকৈ বেছি ব্যৱহাৰৰ সম্ভাৱনা আছে সেইসমূহ হৈছে ব্ৰহ্মছ, অগ্নি, প্ৰলয়, নিৰ্ভয় আৰু শৌৰ্য৷ শত্ৰুপক্ষক ৰখাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ হাতত থকা এই ক্ষেপণাস্ত্ৰসমূহ ভাৰতৰ প্ৰতিৰক্ষা আৰু সেনা অভিযানৰ গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ সক্ষম বুলি ধাৰণা কৰিছে যুদ্ধবিশেষজ্ঞসকলে৷
স্বাধীনতাৰ পাছৰে পৰাই ভাৰতৰ ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ বৃদ্ধি পাইছে৷ ক্ষেপণাস্ত্ৰৰ দিশৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত পাৰ্থক্য আছে৷ ভাৰতীয় ক্ষেপণাস্ত্ৰসমূহৰ তুলনাত পিছুৱাই আছে ইছলামাবাদৰ অস্ত্ৰসমূহ৷ বৰ্তমান হাইপাৰছনিক ক্ষেপণাস্ত্ৰ তৈয়াৰৰ দিশত নজৰ দিছে ডিআৰডিঅই৷ ইয়াত প্ৰাথমিক সাফল্যও পাইছে ভাৰতে৷
ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত তৈয়াৰ হোৱা ক্ৰুজ ক্ষেপণাস্ত্ৰ ব্ৰহ্মোছ৷ ছুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰসমূহক যুদ্ধজাহাজ, যুদ্ধবিমান আৰু মাটিত থকা লঞ্চাৰৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰে৷ শব্দৰ প্ৰায় তিনি গুণ বেছি গতিত যাত্ৰা কৰি এই ক্ষেপণাস্ত্ৰ৷ ২০০৫ চনৰ নৱেম্বৰৰ পৰা এই ব্ৰহ্মোছ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে ভাৰতীয় সেনাৰ তিনি বাহিনীয়ে৷
অস্ত্ৰৰ বজাৰত বাঢ়িছে ভাৰতৰ এই ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ চাহিদা৷ ৪০০ কিঃমিঃ দূৰত্ব পৰ্যন্ত যিকোনো লক্ষ্যবস্তুত সফলভাৱে আঘাত কৰিব পাৰে এই ক্ষেপণাস্ত্ৰই৷ শত্ৰু দেশৰ ৰেডাৰেও এই অত্যাধুনিক ক্ষেপণাস্ত্ৰ ধৰা পেলাব নোৱাৰে৷ স্থল কিংবা পানী যিকোনো লক্ষ্যবস্তুক আঘাত কৰিবলৈ সক্ষম এই ক্ষেপণাস্ত্ৰ৷
ভাৰতৰ হাতত তিনি ধৰণৰ ক্ৰুজ ক্ষেপণাস্ত্ৰ আছে৷ এই তালিকাত ব্ৰহ্মোছ ছুপাৰছনিক, ব্ৰহ্মোছ-২, নিৰ্ভয়ো আছে৷ এই ক্ষেপণাস্ত্ৰই এক হাজাৰৰ পৰা ডেৰ হাজাৰ কিঃমিঃ দূৰত্বলৈ গৈ লক্ষ্যবস্তুত আঘাত কৰিব পাৰে৷ ই পাৰমাণৱিক বোমাও বহন কৰিব পাৰে৷
লক্ষ্যত আঘাত কৰি শত্ৰু নিশেষ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত তৈয়াৰী ক্ৰুজ ক্ষেপণাস্ত্ৰ নিৰ্ভয়ৰ সাফল্যৰ হাৰ ৯০ শতাংশ৷ এই দাবী প্ৰস্তুতকাৰক সংস্থা ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেছনৰ৷ ৬ মিটাৰ দৈৰ্ঘ্যৰ ১ হাজাৰ কিঃমিঃ দূৰৈত এই ক্ষেপণাস্ত্ৰই শব্দতকৈ কম গতিবেগত যাত্ৰা কৰি লক্ষ্যবস্তুত আঘাত কৰে৷
২০১৩ চনৰ ১২ মাৰ্চত নিৰ্ভয়ৰ উৎক্ষেপণ কৰা হৈছিল৷ কিন্তু প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে উৎক্ষেপণৰ পাছতেই নষ্ট হৈ মাটিত পৰি যায়৷ তাৰপাছত ২০১৪ চনত পুনৰ উৎক্ষেপণ কৰা হয়৷ ২০১৫ আৰু ১৬ চনত দুবাৰ উৎক্ষেপণ কৰা হৈছিল এই ক্ষেপণাস্ত্ৰ৷ কিন্তু পাছৰ কেইবাৰৰ উৎক্ষেপণত নিখুঁত লক্ষ্যভেদ কৰিবলৈ সক্ষম হৈছিল নিৰ্ভয়ে৷ ২০১৭ চনত নিৰ্ভয়ৰ পৰীক্ষামূলক সফল উৎক্ষেপণ কৰা হয়৷ পাঁচৰ পৰা ছয় কিঃমিঃ প্ৰতি ছেকেণ্ড গতিত তিনি হাজাৰ কিঃমিঃ যাব পাৰে অগ্নি-৩৷ ২০১১ চনত ইয়াক ভাৰতীয় সেনাবাহিনীৰ অস্ত্ৰভাণ্ডাৰৰ তালিকাভুক্ত কৰা হৈছিল৷
২০২২ চনৰ পৰা ভাৰতীয় সেনাৰ হাতত থকা অস্ত্ৰৰ তালিকাত আছে প্ৰলয়৷ ১৫০ৰ পৰা ৫০০ কিঃমিঃ পৰ্যন্ত গৈ এই ক্ষেপণাস্ত্ৰই নিখুঁত আঘাত কৰিব পাৰে৷ যুদ্ধৰ সময়ত ইয়াৰ গেম চেঞ্জাৰ হৈ উঠাৰ ক্ষমতা আছে বুলি দাবী কৰিছে প্ৰতিৰক্ষা বিশ্লেষকে৷ ৩৫০ৰ পৰা ৭০০ আৰু ৫০০ৰ হাজাৰ কেজিৰ উচ্চ শক্তিৰ বিস্ফোৰক ব্যৱহাৰ কৰে প্ৰলয়ে৷ স্থলসেনাৰ ওপৰিও বায়ুসেনাইয়ো এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰে৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিত তৈয়াৰ হোৱা প্ৰলয় ক্ষেপণাস্ত্ৰ নিৰ্মাণত হাত আছে প্ৰতিৰক্ষা গৱেষণা সংস্থা ডিআৰডিঅৰ৷ ডিআৰডিঅই তৈয়াৰ কৰা এই ক্ৰুজ ক্ষেপণাস্ত্ৰ পৃথ্বীৰ তুলনাত কিছু পাতল প্ৰলয়৷
এই ক্ষেপণাস্ত্ৰ পাৰ্বত্য এলেকাত ব্যৱহাৰ কৰা সহজ৷ ইয়াৰোপৰি পৰমাণু অস্ত্ৰ বহনৰ উপযোগী উন্নত প্ৰযুক্তিৰ এই বেলিষ্টিক ক্ষেপণাস্ত্ৰই মাজ আকাশতেই গতিপথ সলনি কৰিবলৈ সক্ষম৷ ফলত শত্ৰুপক্ষৰ ইণ্টাৰছেপ্টৰ ক্ষেপণাস্ত্ৰক এৰি নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিব পাৰে প্ৰলয়ে৷ ২০২০ চনত পূৰ্ব লাডাখত চীনা ফৌজৰ আগ্ৰাসন আৰু গালোৱান উপত্যকাত ৰক্তাক্ত সংঘৰ্ষৰ পাছতেই এল এছিত প্ৰলয় মোতায়েন কৰে ভাৰতীয় সেনাই৷
ভাৰতৰ অস্ত্ৰভাণ্ডাৰত আছে শৌৰ্যও৷ ই এটা হাইপাৰছনিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ৷ আধুনিক এই যুদ্ধাস্ত্ৰটিও পাৰমাণৱিক অস্ত্ৰ বহন কৰিবলৈ সক্ষম৷ শৌৰ্যই শত্ৰুৰ ৰেডাৰক ফাঁকি দিয়াত পাৰদৰ্শী৷ ই ভাৰতৰ উন্নত বেলিষ্টিক ক্ষেপণাস্ত্ৰসমূহৰ মাজত অন্যতম৷ যুদ্ধৰ পৰিস্থিতিত ই শত্ৰুৰ বাবে ধ্বংসৰ বাৰ্তা আনিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ