আগন্তুক সোমবাৰ ১২ মে’ৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ যোগ৷ এই ৰাজযোগত বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত উল্লেখনীয় উন্নতি হব৷ ইয়াৰোপৰি নতুন সপ্তাহত চন্দ্ৰ আৰু মঙ্গলৰ যুঁটিৰ ফলত গঠিত হব সমসপ্তক যোগ৷ এই দুই শুভ যোগৰ ফলত মে মাহৰ দ্বিতীয় সপ্তাহত চাৰিওফালৰ পৰা উন্নতি হব পাঁচ ৰাশিৰ জাতকৰ৷ নতুন সপ্তাহত চাকৰিত উন্নতি কৰিব পাৰিব৷ ব্যৱসায়ত লাভ কৰিব পাৰে৷ সাংসৰিক জীৱনত সুখ শান্তি থাকিব৷ জানি থওক ১২ মেৰ পৰা ১৮ মেৰ মাজত এই সপ্তাহত সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
বিশেষ ৰাজযোগৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব মেষ ৰাশিৰ জাতক৷ এই সময়ত পেছাগত জীৱনত সকলো বাধা দূৰ হব৷ নিজৰ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ এই সপ্তাহত জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ জোৱাৰ আহিব৷ মনৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে৷ নতুন সপ্তাহত তীৰ্থযাত্ৰাৰ যোগ আছে৷ আৰ্থিক ভাৱেও লাভৱান হব৷
বৃষ ৰাশি
মে মাহৰ দ্বিতীয় সপ্তাহ বিভিন্ন ধৰণে লাভজনক হব বৃষ ৰাশিৰ জাতকৰ৷ যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ মনৰ পৰা টেনছন কমিব৷ জীৱনত কোনো ডাঙৰ সমস্যাৰ সমাধান বিচাৰি পাব বৃষ ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলে এই সময়ত বিশেষ সাফল্য পাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হব৷ প্ৰেম জীৱন ভালে থাকিব৷
মিথুন ৰাশি
১২ মে’ৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত পৰিয়ালৰ সৈতে খুব ভাল সময় কটাব মিথুন ৰাশিৰ জাতকে৷ ঘনিষ্ঠ বন্ধুৰ সৈতেও দেখা হব৷ বন্ধুৰ সৈতে খুব আনন্দৰ সময় কটাব৷ চাকৰিয়ালে কাৰ্যালয়ত উন্নতি কৰাৰ সুযোগ পাব৷ ভাল কোনো চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ ৰৈ থকা কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ দাম্পত্য জীৱন সুখৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ