দেশৰ এই পৰিস্থিতিৰ মাজতে ৰাজ্যৰ এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশ মাতৃৰ আহ্বানত এতিয়া গৌণ বিবাহৰ লগ্ন। নেপাল সীমান্তৰ পৰা ছুটী লৈ নিজৰ বিয়াৰ বাবে নগাঁৱৰ বাসগৃহলৈ আহিছিল SSB জোৱান।কিন্তু পাক সীমান্তত তৎক্ষণাৎ যোগদানৰ নিৰ্দেশ অহাত বিবাহৰ ক্ষণ, লগ্ন বাদ দি মন্দিৰত বিবাহ সম্পন্ন কৰিলে জোৱান গৰাকীয়ে।
আজি বিবাহ সম্পন্ন কৰি অহা কাইলৈ যুদ্ধ উত্তেজনা বিৰাজ কৰা অঞ্চলত কৰ্মত যোগদানৰ বাবে ৰাওনা হ’ব দৰা SSB জোৱান। বি:দ্ৰ: জোৱান জনৰ পৰিয়ালৰ ফালৰ পৰা দৰা কইনাৰ ছবি প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে।
(দৰাৰ নাম: প্ৰনৱ গগৈ ঘৰ: কন্দলী, নগাঁও)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ