অপাৰেচন SINDOOR-ক দেশবাসীৰ আগত দাঙি ধৰা কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ বলীউডৰ সৈতে বিশেষ সম্পৰ্ক
ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে। এইবাৰ ভাৰতে পাকিস্তানৰ ওপৰত সৰ্বাধিক আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ বহু সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰা হয়।
ইয়াৰ পিছত পাকিস্তানেও ভাৰতৰ সীমান্তত কেইবাবাৰো আক্ৰমণ চলাই যদিও ভাৰতীয় সেনাই এই আক্ৰমণ বিফল কৰিবলৈ সক্ষম হয়। বিগত দুদিন ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰেছ ব্রিফিঙৰ জৰিয়তে এই বিষয়ত আপডেট দি আহিছে৷
প্ৰথমবাৰ অপাৰেচন সেন্দূৰৰ বিষয়ে দাঙি ধৰাৰ সময়ত ভাৰতীয় সেনাবাহিনীৰ নেতৃত্বত কৰ্ণেল ছফিয়া কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙক দেখা গৈছিক। ভাৰতীয় সেনাই পাকিস্তানক উপযুক্ত উত্তৰ দিবলৈ কেনেদৰে নিয়োজিত হৈছে তাৰ প্ৰতিটো বিশদ আপডেট শ্বেয়াৰ কৰিছিল কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে।
সেই কৰ্ণেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ আগতে পি এইচ ডিৰ শিক্ষ গ্ৰহণ কৰি আছিল। কিন্তু পি এইচ ডিৰ পঢ়া এৰি পাছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।
পাছে এতিয়াহে লাইমলাইটলৈ আহে কৰ্ণেল ছফিয়া কুৰেশ্বী। এতিয়া দেশৰ সকলোৱে ছফিয়াৰ কুৰেশ্বীৰ বিষয়ে জানিবলৈ বিশেষ আগ্ৰহী হৈ আছে। তাৰে মাজতে প্ৰকাশ পাইছে ছফিয়াৰ ভগ্নীৰ বিষয়ে। বলীউড অৰ্থাৎ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ সৈতে বিশেষ সম্পৰ্ক ছফিয়াৰ ভগ্নীৰ।
কৰ্ণেল ছফিয়া কুৰেশ্বীৰ ভগ্নীৰ নাম শ্বায়না কুৰেশ্বী , যি ছবি জগতত কাম কৰে। অৱশ্যে পৰ্দাৰ আগত দেখা নাযায় , পৰ্দাৰ পিছত থাকি কাম কৰে শ্বায়নাই। শ্বায়নাৰ মুম্বাইত এটা নিজা প্ৰডাকচন হাউচ আছে, য’ত বহু ছবি আৰু এড ফিল্ম নিৰ্মাণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ