অসম লাইভ২৪ঃ বিশাল এই ব্ৰহ্মাণ্ডত পৃথিৱীয়েই একমাত্ৰ গ্ৰহ, য’ত প্ৰাণীৰ অস্তিত্ব আছে। অন্য গ্ৰহত প্ৰাণী আছেনে? এই বিষয়টোক লৈ প্ৰত্যেক দিনেই চৰ্চা চলাই আছে বিজ্ঞানীৰ দলে। পৃথিৱীৰ বাহিৰত প্ৰাণীৰ অস্তিত্ব বিচাৰি দীৰ্ঘ গৱেষণা চলাইছে বিজ্ঞানীয়ে। বিজ্ঞানীপ সেই গৱেষণাতেই উদ্ধাৰ হৈছে কেপলাৰ-৪৫২ নামৰ এটা গ্ৰহ। পৃথিৱীৰ সৈতে বহু সাদৃশ্য আছে কেপলাৰ-৪৫২ৰ। কেপলাৰ-৪৫২ ক ‘দ্বিতীয় পৃথিৱী’ আখ্যা দিছে বিজ্ঞানীয়ে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই নিশ্চিত কৰিছে যে, পৃথিৱীৰ দৰে বাসোপযোগ্য এটা গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰি আছে।
পৃথিৱী এই যমজগ্ৰহৰ অন্য এটা নাম দিছে বিজ্ঞানীয়ে। বিজ্ঞানীয়ে এই গ্ৰহৰ নাম দিছে আৰ্থ ২.০। কিন্তু এই গ্ৰহত প্ৰাণ আছেনে? পৃথিৱীৰ পৰা এই গ্ৰহৰ দূৰত্ব কিমান? বিজ্ঞানীৰ মনত এতিয়া বহু কৌতুহল। কেপলাৰ অভিযানৰ সময়ত আৰ্থ-২ ৰ সন্ধান পাইছিল নাছাৰ বিজ্ঞানীয়ে। কেপলাৰ অভিযান হৈছে পৃথিৱীৰ দৰে গ্ৰহ আৱিষ্কাৰৰ বাবে নাছাই চলোৱা এটা প্ৰচেষ্টা। মূলত এই গ্ৰহসমূহত পানীৰ সন্ধান পোৱা যাব পাৰে বুলি প্ৰকাশ কৰিছে বিজ্ঞানীয়ে। এই গ্ৰহসমূহক লৈ গৱেষণাও অব্যাহত ৰাখিছে নাছাৰ বিজ্ঞানীয়ে।
কেপলাৰ এটা মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ। এই অভিযান নাছাই আৰম্ভ কৰিছিল ২০০৯ চনতেই। মহাকাশত থকা এই কেন্দ্ৰই অত্যাধুনিক ফটোমিটাৰ ব্যৱহাৰ কৰি বহু গ্ৰহ এতিয়ালৈ আৱিষ্কাৰ কৰিছে। কেপলাৰ মহাকাশ যানখন বৰ্তমান পৰ্যন্ত প্ৰায় ১ হাজাৰ এক্সোপ্লেনেট বিচাৰি ওলিয়াইছে। যাৰ মাজতেই এনে গ্ৰহো আছে যিয়ে দুটা নক্ষত্ৰক প্ৰদক্ষিণ কৰে। ২০১৫ চনৰ জুলাই মাহত কেপলাৰ অভিযানৰ মাধ্যমেৰে কেপলাপ ৪৫২বি গ্ৰহটো বিচাৰি ওলিয়াইছিল নাছাই। নাছাৰ বিজ্ঞানীৰ মতে কেপলাৰ-৪৫২ নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে আৰ্থ-২য়ে। অৰ্থাৎ কেপলাৰ ৪৫২ নক্ষত্ৰৰ সৈতে সূৰ্যৰ বহু মিল আছে। পৃথিৱীৰ সৈতে কেপলাৰ-৪৫২ বিৰ মিল আছে। কেপলাৰ-৪৫২ বি পৃথিৱীৰ পৰা প্ৰায় ৬০ শতাংশ ডাঙৰ। সূৰ্যক ৩৬৫ দিনত এবাৰ প্ৰদক্ষিণ কৰে পৃথিৱীয়ে। কেপলাৰ-৪৫২ক আৰ্থ-২য়ে ৩৮৫ দিনত এবাৰ প্ৰদক্ষিণ কৰে। অৰ্থাৎ পৃথিৱীতকৈ মাত্ৰ ২০ দিন বেছি।
বিজ্ঞানীসকলে সেই গ্ৰহৰ মাটি পৰীক্ষাৰ কাম আৰম্ভ কৰিছে। বিজ্ঞানীৰ অনুমান যে তাত মাটি আৰু শিল আছে। কেপলাৰ-৪৫২ প্ৰায় সূৰ্যৰ দৰেই। আকাৰত মাত্ৰ ১০ শতাংশ ডাঙৰ। তাপমাত্ৰাও সূৰ্যতকৈ অলপ বেছি। উজ্জ্বলতা সূৰ্যৰ তুলনাত ২০ শতাংশ বেছি। কেপলাৰ-৪৫২ ৰ বয়স সূৰ্যতকৈ বেছি বুলি বিজ্ঞানীয়ে সন্দেহ কৰিছে। কেপলাৰৰ বয়স প্ৰায় ৬০০ কোটি বছৰ হ’ব বুলিও জনাইছে বিজ্ঞানীয়ে। অৰ্থাৎ এই নক্ষত্ৰ সূৰ্যতকৈ ১৫০ কোটি বছৰ ডাঙৰ। কেপলাৰ-৪৫২ বি গ্ৰহ সৌৰজগতৰ পৰা ১৪০০ আলোকবৰ্ষ দূৰত্বত আছে। অৰ্থাৎ তালৈকে যাত্ৰা কৰিবলৈ বিজ্ঞানীৰ হাতত এতিয়ালৈকে তেনে কোনো যান নাই। কেপলাৰ-৪৫২ত প্ৰাণৰ অস্তিত্ব আছেনে সেই লৈহে একাধিক প্ৰশ্ন উঠিছে। বিজ্ঞানীৰ সন্দেহ এই গ্ৰহত প্ৰাণী জীয়াই থাকিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ