• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

12 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

56 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

editor by editor
November 3, 2023
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ
0
SHARES
460
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধ চলিছে ইজৰাইল আৰু পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ মাজত। সেই সময়তেই বিশ্ব জুৰি চৰ্চাৰ বিষয় হৈ পৰিছে ইজৰাইলৰ ‘এয়াৰ ডিফেন্স ছিষ্টেম’ বা আকাশী নিৰাপত্তা ব্যৱস্থা ‘আয়ৰণ ডোম’। ইজৰাইলৰ সামৰিক বাহিনীৰ দাবী, ‘আয়ৰণ ডোম’ নাথাকিলে হামাছৰ ক্ষেপণাস্ত্ৰই ছিন্নবিচ্ছিন্ন কৰিলে হেতেন ইজৰাইলৰ বহু এলেকা। এই খবৰৰ মাজতেই ভাৰতৰ বাবে আছে আন এক সুখবৰ। ইজৰাইলৰ আয়ৰণ ডোমৰ দৰেই ভাৰতেও এয়াৰ ডিফেন্স চিষ্টেম তৈয়াৰীৰ কাম আৰম্ভ কৰিছে। ভাৰতৰ নিজস্ব আয়ৰণ ডোম অচিৰেই তৈয়াৰ হৈ উঠিব। ২০২৮-২৯ ৰ মাজতেই ভাৰতে এই আয়ৰণ ডোম পৰীক্ষা কৰিব।

আয়ৰণ ডোমে কেনেকৈ কাম কৰে?
আয়ৰণ ডোম হৈছে বিশ্বৰ অন্যতম শক্তিধৰ আকাশী প্ৰতিৰোধ ব্যৱস্থা। আক্ৰমণ প্ৰতিৰোধৰ এই অস্ত্ৰৰ জন্ম ইজৰাইলতেই। সেই একেই অস্ত্ৰ ভাৰতেই অচিৰেই নিৰ্মাণ কৰি উলিয়াব। বিভিন্ন প্ৰতিবেদন অনুসৰি ভাৰতৰ নিজস্ব এই আকাশী প্ৰতিৰক্ষা ব্যৱস্থা প্ৰকল্পৰ নাম দিয়া হৈছে ‘প্ৰজেক্ট কুশ’। প্ৰজেক্ট কুশৰ দায়িত্বত আছে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ‘ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্ব্যনক। এই আয়ৰণ ডোমে শত্ৰুপক্ষৰ পৰা অহা ক্ৰুজ ক্ষেপনাস্ত্ৰ, ষ্টিলথ যুদ্ধবিমানৰ পৰা আৰম্ভ কৰি ড্ৰোণ আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰিব। বিশেষজ্ঞৰ দাবী যে, প্ৰজেক্ট কুশ সম্পূৰ্ণ হ’লে কেৱল ইজৰাইলৰ আয়ৰণ ডোমেই নহয়, ৰাছিয়াৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা এছ-৪০০ চিষ্টেম আৰু আমেৰিকাৰ পেট্ৰিয়টকৈয়ো বেছি কাৰ্যক্ষম হ’ব এই প্ৰজেক্ট কুশ।

কেনেকৈ কাম কৰিব ভাৰতীয় আকাশী প্ৰতিৰোধ ব্যৱস্থাই?
কুশ প্ৰকল্পৰ অধীনত তৈয়াৰ হোৱা এই দেশীয় প্ৰযুক্তিৰ প্ৰতিৰক্ষা ব্যৱস্থাত লং ৰেঞ্জ ছাৰফেছ টু এয়াৰ ডিফেন্স চিষ্টেমৰ মাজত আছে আকাশৰ বহু দূৰ দীগন্ত পৰ্যন্ত নজৰ ৰাখিব পৰা ক্ষমতা। বিভিন্ন প্ৰতিবেদন অনুসৰি, ১৫০ৰ পৰা ৩৫০ কিঃমিঃ দূৰত থকা ক্ষেপণাস্ত্ৰক চিহ্নিত কৰিব আৰু ধ্বংস কৰিবলৈ সক্ষম হ’ব এলআৰএছএএম। এল আৰ এছ এ এমত আছে ফায়াৰ কণ্ট্ৰল ৰাডাৰো। কৌশলগতভাৱে কাম কৰিবলৈ সক্ষম হ’ব ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে। বিভিন্ন সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি দুটা ক্ষেপনাস্ত্ৰ ওপৰাওপৰিকৈ আহিলেও এই এয়াৰ ডিফেন্স চিষ্টেমে প্ৰতিৰোধ কৰিব পাৰিব। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পৰা ক্ষমতা প্ৰায় ৯০ শতাংশ। আকাশী পৰিসীমাত কাঢ়া নজৰ প্ৰতিসময়তে থাকিব এই আয়ৰণ ডোমৰ। ৰকেট আক্ৰমণেই হওক বা ক্ষেপণাস্ত্ৰ বা ড্ৰোণ আক্ৰমণ সকলোবোৰৰ ওপৰতেই এই চিষ্টেমে নজৰ ৰাখিব।

দেশৰ মাটিত আক্ৰমণ চলাৰ পূৰ্বে আকাশতেই সেই লক্ষ্যবস্তুক নিশ্চিহ্ন কৰিব এল আৰ এছ এ এমে। মাটিৰ পৰা আকাশী আক্ৰমণক প্ৰতিৰোধ কৰিব পৰা এই প্ৰতিৰক্ষা ব্যৱস্থাই মূলত তিনিটা কাম কৰিব। ৰাডাৰৰ মাধ্যমেৰে লক্ষ্যবস্তুক চিহ্নিত কৰা, দ্ৰুতভাৱে সেই লক্ষ্যবস্তুক আঘাত কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ ৰোধ কৰা। এই ব্যৱস্থাই ভাৰতীয় বায়ুসেনাক আকাশীপথেৰে শত্ৰুৱে আক্ৰমণ কৰিলে শত্ৰুৰ আক্ৰমণৰ পৰা বায়ুসেনাকো ৰক্ষা কৰিব। শত্ৰুৰ আক্ৰমণৰ সময়ত এল আৰ এছ এ এম ভাৰতীয় বায়ুসেনাৰ সৈতে যৌথভাৱে কাম কৰিবলৈ সক্ষম বুলিও জনাইছে নিৰ্মাতাই। সামগ্ৰিকভাৱে আয়ৰণ ডোমৰ এই দেশীয় সংস্কৰণ আকাশীপথেৰে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা বহুগুণ শক্তিশালী হ’ব। শত্ৰুবাহিনীৰ ক্ষেপণাস্ত্ৰক দূৰতেই ধ্বংস কৰিব ভাৰতীয় আকাশী নিৰাপত্তা ব্যৱস্থাই।

উল্লেখ্য যে, ভাৰতৰ হাতত ইতিমধ্যেই ৰাছিয়াৰ পৰা ক্ৰয় কৰা তিনিটা এছ-৪০০ বিমান প্ৰতিৰক্ষা ব্যৱস্থা আছে। বৰ্তমানলৈকে অৱশ্যে এই দুই প্ৰতিৰক্ষা ব্যৱস্তা এতিয়াও ৰাছিয়াৰ পৰা ভাৰতলৈ আহি পোৱা নাই। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বাবে তৈয়াৰ হোৱা জটিলতাৰ কাৰণে বৰ্তমানলৈকে ভাৰতলৈ আনিব পৰা হোৱা নাই এই দুই আকাশী প্ৰতিৰক্ষকক।

প্ৰজেক্ট কুশৰ বাবে ২১,৭০০ কোটি টকাৰ অনুমোদন পাইছে ডিআৰডিওয়ে। চৰকাৰী আৰু বেচৰকাৰী অংশীদাৰীসকলৰ সহায়ত তৈয়াৰ হ’ব এই প্ৰকল্প। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰৰ খবৰ অনুসৰি পাকিস্তান আৰু চীনৰ দৰে প্ৰতিবেশী দেশসমূহৰ পৰা আহি থকা ধমকিৰ কাৰণে ভাৰতৰ হাতত এয়াৰ ডিফেন্স চিষ্টেম থকাটো খুবেই জৰুৰীও। পাকিস্তানৰ হাতত এই ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থা বৰ্তমানলৈকে নাই যদিও চীনৰ হাতত এয়াৰ ডিফেন্স চিষ্টেম আছে। চীনৰ হাতত থকা এয়াৰ ডিফেন্স চিষ্টেমৰ ক্ষমতা ৰাছিয়াৰ হাতত থকা এছ-৪০০ চিষ্টেমতকৈ কম পৰিমানে শক্তিশালী। ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেম তৈয়াৰ হ’লে এয়া চীনতকৈয়ো শক্তিশালী হ’ব বুলি জনাইছে নিৰ্মাতাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
Next Post
ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

'বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.