১ অক্টোবৰ মহানৱমীত নৱৰাত্ৰিৰ সমাপ্তি হব। এই বছৰ নৱৰাত্ৰিৰ সূচনা যেনেকৈ অত্যন্ত শুভ যোগেৰে হৈছিল তেনেকৈ সমাপ্তিও এক অসাধাৰণ ৰাজযোগৰ মহাসংযোগেৰে হব। গ্ৰহ নক্ষত্ৰৰ এই যোগ কিছু ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিতও হব।
নৱৰাত্ৰিৰ সমাপ্তিত একাধিক ৰাজযোগ গঠিত হৈছে। তুলা ৰাশিত মহালক্ষ্মী ৰাজযোগ, কন্যা ৰাশিত সূৰ্য বুধৰ যুগলবন্দীত বুধাদিত্য যোগ, বুধে নিজ ৰাশি কন্যাত থাকি ভদ্ৰ ৰাজযোগ, সূৰ্য আৰু যমৰ নৱপঞ্চম যোগ, মঙল আৰু যমৰ কেন্দ্ৰ যোগ, মঙল অৰুণৰ ষড়াষ্টক যোগ আৰু গুৰু শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ যোগ তৈয়াৰ হৈছে। এই যোগসমূহে ১২ ৰাশিতেই প্ৰভাৱ পেলাব। কিন্তু ইয়াৰ ফলত তিনি ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হব। মা দুৰ্গাই তেওঁলোকক অলেখ অৰ্থ সমৃদ্ধি আৰু সুখ দান কৰিব।
এই ৰাজযোগসমূহে আমাৰ জীৱনত এনে সময়ৰ বাৰ্তা দিব যত অৰ্থ, মানসিক শক্তি, আত্মবিশ্বাস আৰু সম্পৰ্কৰ উন্নতি একেলগে সম্ভৱ। এই সময়ত মনৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায় যিয়ে আমাৰ জীৱনৰ চেলেঞ্জ মোকাবিলাত সাহস যোগায়। পাৰিবাৰিক বন্ধন আৰু সামাজিক সম্পৰ্ক শক্তিশালী হয়, আৰু ব্যক্তিগত জীৱনলৈ সুখ শান্তি আহিব। ইয়াৰ সৈতে সৃজনশীলতা আৰু নতুন উদ্যোগৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱো লক্ষ্য কৰা যাব। যিয়ে নতুন প্ৰজেক্ট, ব্যৱসায়িক পৰিকল্পনা আৰু ব্যক্তিগত লক্ষ্য অৰ্জনৰ পথত সহায়ক হৈ উঠিব।
বৃষ ৰাশি
এই ৰাজযোগে বৃষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মজীৱনলৈ নতুন সুযোগ আনি দিব। দৰমহা বৃদ্ধি পাব পাৰে। মোটা অংকৰ আৰ্থিক লাভ কৰিব পাৰে। পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায়ত উন্নতি হব। পুৰণি সমস্যাৰ সমাধান হব।
কন্যা ৰাশি
কন্যা ৰাশিতেই বুধাদিত্য় আৰু ভদ্ৰ ৰাজযোগ গঠিত হৈছে। যিয়ে জাতক জাতিকাক অৰ্থৰ উপৰিও সন্মানো দিব। মা দুৰ্গাৰ কৃপাত উন্নতি হব। জীৱনলৈ সুখ আহিব। নতুন চাকৰিৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন আনন্দময় হব।
সিংহ ৰাশি
মা দুৰ্গাৰ বাহন সিংহ আৰু সিংহ ৰাশিৰ ইষ্টদেৱীও মা দুৰ্গা। নৱৰাত্ৰিৰ নৱমী তিথিত এই ৰাশিৰ জাতক জাতিকাই অৰ্থলাভ কৰিব পাৰে। কামত সফল হব। মান সন্মান বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণ হব। সময় অত্যন্ত লাভজনক থাকিব।
নৱৰাত্ৰিৰ সমাপ্তি কেৱল উৎসৱৰ সমাপ্তিয়েই নহয়, ই নতুন সম্ভাৱনাৰো সূচনা। এই সময়ত তৈয়াৰ হোৱা বিশেষ যোগ বা শুভ সময়ে আমাৰ ব্যক্তিগত আৰু পেছাদাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। ধৈৰ্য আৰু সচেতনতাৰ সৈতে কাম কৰিলে আমি যিকোনো সমস্যাৰেই সমাধান উলিয়াব পাৰো। ই আমাৰ মনোবল বঢ়ায়। সিদ্ধান্তগ্ৰহণক আৰু সুসংহত কৰে আৰু জীৱনৰ নানান ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা বঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















