অসম লাইভ২৪ঃ তন্ত্ৰ সাধনাৰ অন্যতম সিদ্ধস্থান কামাখ্যা ধাম। ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা ধাম। নিলাচল পাহাৰতেই সতীৰ শৰীৰৰ এটা অংগ পৰিছিল। লোকবিশ্বাস যে কামাখ্যা মন্দিৰলৈ আহি কোনোৱেই খালী হাতে উভতি যাব নালাগে। ভক্তৰ সমূহ মনোকামনা পূৰণ কৰে কামাখ্যা দেৱীয়ে। বছৰৰ প্ৰায় প্ৰতিদিনেই খোলা থাকিলেও অম্বুবাচীৰ সময়ত বন্ধ কৰি দিয়া হয় কামাখ্যাৰ দুৱাৰ। হিন্দু ধৰ্ম শাস্ত্ৰতো অম্বুবাচীৰ বিশেষ মাহাত্ম্যৰ কথা উল্লেখ আছে। এইবাৰ ২২ জুন অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব অম্বুবাচী। শেষ হ’ব ২৬জুনত। অম্বুবাচী উপলক্ষ্যে কামাখ্যা মন্দিৰত দেখা গৈছে বিভিন্ন স্থানৰ পৰা অহা বহু সাধু-সন্যাসী। কাইলৈ দোভাগ নিশা ২ বাজি ৩২ মিনিটত বন্ধ হৈ ২৬জুনৰ দুপৰীয়া ২বাজি ৫৬মিনিটত খোল খাব কামাখ্যাৰ দুৱাৰ।
কামাখ্যা ধামত দেৱীৰ কোনো মূৰ্তী নাই। এই স্থানত সতীৰ যোনী পৰিছিল বুলি প্ৰবাদ আছে। সেয়ে ইয়াত যোনী পূজা কৰা হয়। প্ৰতিবছৰে জুন মাহত দেৱী ৰজস্বলা হয়। এই সময়খিনিকেই অম্বুবাচী বুলি কোৱা হয়। এই সময়ছোৱাত তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে। তাৰপিছতেই বিশেষ পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়। মন্দিৰ খোলাৰ পাছতেই ৰঙা কাপোৰৰ টুকুৰা লাভ কৰিবলৈ ভক্তই ভিৰ কৰাও প্ৰত্যেকবাৰেই পৰিলক্ষিত হয়। দেৱী ৰজস্বলা হোৱাৰ আগতেই এখন বগা কাপোৰ মন্দিৰৰ ভিতৰত পাৰি দিয়া হয়। কিন্তু মন্দিৰ খোলাৰ পাছত সেই বগা কাপোৰখন সম্পূৰ্ণ ৰঙা হৈ পৰে। এই কাপোৰখনকেই অম্বুবাচী বস্ত্ৰ বুলি কোৱা হয়। শাস্ত্ৰমতে এই বস্ত্ৰ মাৰ আশীষ থকাসকলেহে লাভ কৰে।
অম্বুবাচীত প্ৰকৃততে কি কৰিব?
শাস্ত্ৰমতে অম্বুবাচীৰ সময়ত বিশেষ কিছু কাম কৰিলে মা কামাখ্যাৰ আশীষ লাভ কৰিব পাৰি বুলি বহুতেই বিশ্বাস কৰে।
১)অম্বুবাচী চলি থকাকেইদিন ঘৰৰ মন্দিৰত থকা মূৰ্তিসমূহ ৰঙা কাপোৰেৰে ঢাকি থব লাগে। অম্বুবাচী শেষ হোৱাৰ পাছত দেৱীৰ আসনখন ঠিক কৰি কাপোৰ আঁতৰাই গা ধুই পূজা আগবঢ়াব লাগে।
২) এই সময়ছোৱাত গুৰু পূজা চলি থাকে।
৩) ঘৰৰ তুলসীঢাপত মাটি তুলিবলৈ নাপাহৰিব।
৪) অম্বুবাচীৰ সময়ত কেইটামান কাম কৰা অনুচিত। যেনে বৃক্ষৰোপন, কৃষিকৰ্ম।
৫) কোনো শুভ কাম আৰম্ভ নকৰিব।
৬) মন্ত্ৰোচ্চাৰণ নকৰালৈ ভগৱানক স্মৰণ কৰিব পাৰে। অৱশ্যে ধূপ-ধূণা জ্বলাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ