পঞ্জিকা অনুসৰি আহাৰ মাহৰ ৭ তাৰিখৰ পৰা আৰম্ভ হৈছে অম্বুবাচী৷ সূৰ্যই যিদিনা মিথুন ৰাশিত প্ৰৱেশ কৰে সেইদিনাৰ পৰাই আৰম্ভ হয় আহাৰ মাহ৷ ইয়াৰ ঠিক এক সপ্তাহৰ পাছতেই আৰম্ভ হয় অম্বুবাচী৷ হিন্দুৰ ওচৰত অম্বুবাচী বিশেষ৷ এই তিনিদিন দেৱী ঋতুমতী হয় বুলি শাস্ত্ৰত আছে৷ আহাৰ মাহৰ তৃতীয় পদ শেষ হৈ চতুৰ্থ পদ আৰম্ভ হোৱাৰ পৰাই তিনিদিন ধৰি চলে অম্বুবাচী মেলা৷
মহিলা যেনেকৈ ঋতুমহী হোৱাৰ পাছত সন্তান ধাৰণৰ বাবে সক্ষম হৈ উঠে তেনেকৈয়ে ধৰিত্ৰীও অম্বুবাচীৰ পাছতেই শস্য শ্যামলা হৈ উঠে৷ কামাখ্যা মন্দিৰত অম্বুবাচী উপলক্ষ্যে এইবাৰো আয়োজন কৰা হৈছে বিশেষ মেলাৰ৷ লক্ষ লক্ষ ভক্ত এইবাৰো আহিছে কামাখ্যা ধামলৈ৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সাধু, সন্ন্যাসী, তান্ত্ৰিক আৰু অঘোৰী বাবা৷ কিন্তু এই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে৷ চতুৰ্থ দিনা অম্বুবাচীৰ শেষ হৈ ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়৷
অম্বুবাচীত কি কৰা শুভ?
- এই সময়ত দেৱীৰ মুৰ্তি ৰঙা কাপোৰেৰে ঢাকি ৰখা হয়৷
- অম্বুবাচীৰ মাজত আম, গাখীৰ খোৱা শুভ৷ প্ৰচলিত বিশ্বাস অনুসৰি এই কাম কৰিলে সাপৰ ভয় দূৰ হয়৷
- অম্বুবাচীত দেৱ-দেৱীৰ পুজা নকৰিলেও গুৰুদেৱক মনতে স্মৰণ কৰিব পাৰে৷
- এই সময়ত ইষ্ট মন্ত্ৰ জপ কৰিলে ভাল ফল পোৱা যায়৷
- সন্ন্যাসী আৰু বিধৱা মহিলাসকলেও এই তিনিদিন বিশেষভাৱে পালন কৰিব পাৰে৷
অম্বুবাচীত কি কি নকৰিব?
- এই সময়ত কৃষিকাৰ্য বন্ধ ৰখা উচিত৷
- মাটি খন্দা এই সময়ত একেবাৰেই অনুচিত৷
- অম্বুবাচীত বৃক্ষৰোপন কৰা অনুচিত৷
- অম্বুবাচীৰ তিনি দিন কোনো মাঙ্গলিক কাম কৰা নিষেধ৷ এই সময়ত বিয়া, পূজা, গৃহপ্ৰৱেশ বন্ধ থাকে৷
- এই সময়ত মন্ত্ৰ পঢ়া, পূজাপাঠ কৰা নিষেধ৷ কেৱল ধূপ-দীপ দেখুৱাই প্ৰণাম কৰক৷
- বিশেষ প্ৰয়োজন অবিহনে অম্বুবাচীৰ সময়ত অন্য স্থানলৈ নাযাব৷
- অম্বুবাচীৰ তিনিদিন ঘৰ ক্ৰয় বা মাটি কিনা আদি কাম নকৰিব৷
- এই সময়ত ভুলতো কোনো সাপক আঘাত নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ