কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …
মা কামাখ্যা মন্দিৰৰ বিখ্যাত মেলা অম্বুবাচীৰ সময় সদৰি। কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়া অন্ত পৰিব এই অম্বুবাচীৰ মেলাৰ সকলো সদৰি। জুন মাহৰ ২২ তাৰিখ শনিবাৰৰ পৰা আৰম্ভ চলিব বৰ্ষৰ অম্বুবাচী মেলা।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা আৰম্ভ হৈ ২৬ জুন বুধবাৰে ইয়াৰ অন্ত পৰিব। ইয়াৰ প্ৰবৃ্ত্তি আৰ নিবৃ্ত্তিৰ সময় হৈছে-
২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। প্ৰবৃতিৰ পাছৰে পৰা বন্ধ থাকিব মন্দিৰৰ দ্বাৰ। অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত। সেই দিনাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ মুখ্য দুৱাৰ।
এই মেলা উদ্দেশ্যে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা ভক্তৰ আগমণ হবলৈ ধৰিছে। অম্বুবাচী মেলাত অংশগ্ৰহণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা ভক্তসকলে কামাখ্যা মন্দিৰলৈ ভিৰ কৰে। বিভিন্ন ৰীতি-নীতি পালন কৰি দেৱীক প্ৰাৰ্থনা কৰে।
এই অম্বুবাচীত বিভিন্ন ৰীতি-নীতি পালন কৰি দেৱীক প্ৰাৰ্থনা কৰে। অম্বুবাচী মেলা কিয় পালন কৰা হয় ইয়াৰ আঁৰত আছে মা কামাখ্যা দেৱীৰ এক জনশ্ৰুতি পৌৰাণিক কাহিনী।
কাহিনী অনুসৰি- দেৱী সতীৰ মৃত্যুৰ পিছত শোকেৰে পৰিপূৰ্ণ ভগৱান শিৱই দেৱী সতীৰ মৃতদেহ কান্ধত লৈ কোনো উদ্দেশ্য বা গন্তব্যস্থান নোহোৱাকৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছিল। যাৰ ফলত ধ্বংসৰ মুখলৈ অগ্ৰসৰ হয় বিশ্বব্ৰহ্মাণ্ড। যাৰ বাবে বিশ্বব্ৰহ্মাণ্ডলৈ স্বাভাৱিকতা ঘূৰাই আনিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ সহায়ত সতীৰ মৃতদেহ টুটুৰা টুকুৰ কৰি বিভিন্ন ঠাইত পেলাই। সতীৰ শৰীৰৰ অংগ সৰি পৰা ঠাইবোৰ সকলো পবিত্ৰ, ধৰ্মীয়, তাইৰ পূজাৰ স্থানলৈ ৰূপান্তৰিত কৰা হৈছিল। বিশ্বাস কৰা হয় যে শৰীৰৰ অংগৰ ভিতৰত এটা অৰ্থাৎ নাৰী যৌন অংগ কামৰূপৰ নীলাচল পাহাৰৰ ওপৰত পৰি পিছলৈ কামাখ্যা মন্দিৰলৈ বিকশিত হয়।
বিশ্বাস কৰা হয় যে এই সময়ত কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰ সম্পন্ন হয়। ই যোনি পূজাৰ প্ৰতীকীয়তাৰ প্ৰকাশ বা ভক্তসকলে বিশ্বাস কৰে। আন যিকোনো মহিলাৰ দৰেই মা কামাখ্যাৰো ঋতুচক্ৰ আছে। অৱশ্যে মাৰ ক্ষেত্ৰত এয়া বছৰেকীয়া ঋতুস্ৰাৱ।
যিদৰে দেৱীৰ ঋতুস্ৰাৱ তিনিদিন ধৰি চলি থাকে। তিনিদিন ধৰি বন্ধ হৈ আছে মন্দিৰটো। এই তিনিদিন দেৱীৰ বাবে বিশ্ৰাম আৰু শুদ্ধিৰ সময় বুলি গণ্য কৰা হয়। তিনিদিনৰ অন্তত মন্দিৰৰ দুৱাৰখন জনসাধাৰণৰ বাবে মুকলি কৰা হয় আৰু আনুষ্ঠানিকভাৱে আৰম্ভ হয় অম্বুবাচী মেলা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ