ভয়ংকৰ, ১৭২ জন যাত্ৰী কঢ়িয়াই অনা বিমানত অগ্নিকাণ্ড
হঠাতে আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানত অগ্নিকাণ্ড। বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে বিমানখন জ্বলি উঠিবলৈ ধৰে। বিমানখনৰ পৰা ধোঁৱা ওলোৱা দেখি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
ততাতৈয়াকৈ সকলো যাত্ৰীকে বিমানখনৰ পৰা নমাই দিয়া হয়। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ডেনভাৰ বিমানবন্দৰৰ গেট নম্বৰ চি৩৮ত ৰখাই থোৱা আমেৰিকান এয়াৰলাইন্সৰ বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ আৰম্ভ কৰে।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৬:১৫ বজাত এই ঘটনা সংঘটিত হয়। ঘটনাৰ সময়ত বিমানখনত ১৭২ জন যাত্ৰী আছিল। ইয়াৰ উপৰিও বিমানখনত ৬ জন ক্ৰু মেম্বাৰো আছিল।
বিমানখন মাত্ৰ এয়াৰপৰ্টত অৱতৰণ কৰিছিল আৰু পাৰ্কিং লটত ৰখাই দিয়াৰ লগে লগে বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ ধৰে। ধোঁৱা ইমানেই ভয়ংকৰ আছিল যে ইয়াক দেখি বিমানখনত বহি থকা যাত্ৰীসকলৰ মাজতে নহয়, বিমানবন্দৰত উপস্থিত থকা লোকসকলৰ মাজতো আতংকৰ সৃষ্টি হৈছিল।
তথ্য পোৱাৰ লগে লগে আটাইকেইজন যাত্ৰীক বিমানখনৰ পৰা নমাই নিৰাপদে টাৰ্মিনেললৈ লৈ যোৱা হয়। বিমানখনত উপস্থিত থকা সকলো ক্ৰুৱে ততাতৈয়াকৈ মানুহখিনিক উলিয়াই অনাত সহায় কৰে। এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। বিমানখনৰ অগ্নিকাণ্ডও নিয়ন্ত্ৰণ কৰা হৈছে। কিন্তু এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ