আমিৰ খানৰ নতুন প্ৰেমিকাৰ ফটো ভাইৰেল, এটি ৬ বছৰীয়া সন্তানৰ মাতৃ প্ৰেমিকা গৌৰী
বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট অভিনেতা আমিৰ খান পুনৰবাৰ শিৰোনামত। এইবাৰ কোনো ছবিৰ বাবে নহয়, তৃতীয় প্ৰেমিকাৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰিছে আমিৰে। যোৱা এবছৰ ধৰি গোপনে ডেটিং কৰি থকা নতুন প্ৰেয়সীৰ ফটো পোহৰলৈ আহিছে।
আমিৰ খানৰ তৃতীয় প্ৰেমিকাৰ নাম গৌৰী। যদিও ইজনে সিজনক ডেটিং কৰা ১টা বছৰ হে হৈছে, কিন্তু দুয়োজনে বিগত ২৫ বছৰে ধৰি ইজনে সিজনক চিনি পায়।
আমিৰে যোৱা এবছৰ ধৰি গৌৰীৰ লগত ডেটিং কৰি আছে। গৌৰী মূলতঃ বেংগালুৰুৰ। বৰ্তমান আমিৰ খানৰ প্ৰডাকচন হাউচত কাম কৰি আছে। দুয়োকে একেলগে বহু ঠাইত দেখা গৈছে। গৌৰীৰ এটি ৬ বছৰীয়া পুত্ৰ সন্তানো আছে।
১৩ মাৰ্চ বৃহস্পতিবাৰে বলীউডৰ অভিনেতা আমিৰ খানে নিজৰ প্ৰডাকচন হাউছ আমিৰ খান প্ৰডাকচনৰ কৰ্মচাৰী গৌৰীৰ সৈতে ডেটিং কৰাটো নিশ্চিত কৰে।
মুম্বাইত আমিৰে নিজৰ ৬০ সংখ্যক জন্মদিন উদযাপনৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথাৰ ভাগ-বতৰা কৰে। তাতেই নতুন প্ৰেমিকাৰ বিষয়েও সদৰি কৰে। ছুপাৰষ্টাৰগৰাকীয়ে কয় যে তেওঁ এবছৰ ধৰি ডেটিং কৰি আছে যদিও ২৫ বছৰতকৈও অধিক সময় ধৰি চিনাকি গৌৰীৰ সৈতে।
উল্লেখ্য যে, অভিনেতাগৰাকীয়ে প্ৰথমে ৰীনা দত্ত আৰু পিছত কিৰণ ৰাওক বিয়া কৰাইছিল। তেওঁৰ প্ৰথম বিবাহৰ পৰা দুটা সন্তান ইৰা আৰু জুনেইদ আৰু দ্বিতীয় বিবাহৰ পৰা এটি ১২ বছৰীয়া পুত্ৰ আজাদ। এতিয়া আমিৰ খানে তেওঁৰ ৬০ বছৰীয়া জন্মদিনত তেওঁৰ নতুন প্ৰেমৰ সৈতে বিশ্ববাসীক চিনাকি কৰাই দিয়ে।
আমিৰ খানে গৌৰীৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মোৰ প্ৰেমিকা কেটৰিনা কাইফতকৈও ধুনীয়া। তেওঁৰ লগত থাকিলে নিজকে ঘৰত থকাৰ দৰে অনুভৱ কৰো। জুনেইদ আৰু ইৰাও তেওঁক লগ পাই সুখী।
আনহাতে তৃতীয় বিবাহৰ কথা সোধাত আমিৰে কয়, ৬০ বছৰ বয়সত বিয়াৰ কথা ভাবিম নে নাই নাজানো, কিন্তু আমি ইজনে সিজনৰ প্ৰতি বহুত দায়বদ্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ