দিল্লী কেপিটেলছৰ নতুন অধিনায়ক ঘোষণা, এই খেলুৱৈয়ে পালে কমাণ্ড
২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ১০টা দলৰ ভিতৰত ৯টা দলে নিজৰ অধিনায়ক ঘোষণা কৰিছিল যদিও কেৱল দিল্লী কেপিটেলছেহে অধিনায়কৰ নাম প্ৰকাশ কৰা নাছিল। এতিয়া দিল্লী কেপিটেলছেও নিজৰ অধিনায়ক ঘোষণা কৰিছে।
হোলী বিশেষ উপলক্ষে দিল্লী দলে অনুৰাগীক এক ডাঙৰ উপহাৰ দিছে। দিল্লীয়ে ভাৰতীয় দলৰ অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক অধিনায়ক হিচাপে নিযুক্তি দিছে। শেহতীয়াকৈ অক্ষৰ পেটেলে টিম ইণ্ডিয়াৰ সৈতে চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
এই প্ৰতিযোগিতাত অক্ষৰে বেট আৰু বল দুয়োটাৰে অৰিহণা যোগাইছিল, যাৰ বাবে তেওঁক এতিয়া দিল্লীৰ অধিনায়কত্বৰ বাব দিয়া হৈছে। এতিয়া তেওঁক আই পি এল ২০২৫ত দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে দেখা যাব।
৩১ বছৰীয়া অক্ষৰ পেটেলে ২০১৯ চনত কেপিটেলছত যোগদান কৰিছিল আৰু তাৰ পিছত ৬টা ছিজনত নিজৰ সামৰ্থ্যৰ ভিত্তিত শীৰ্ষ প্ৰদৰ্শনকাৰী খেলুৱৈৰ ভিতৰত অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে। দিল্লী কেপিটেলছৰ হৈ তেওঁ ৮২খন মেচত ৯৬৭ ৰান সংগ্ৰহ কৰি ৭.০৯ৰ আকৰ্ষণীয় অৰ্থনীতিৰে ৬২টা উইকেট দখল কৰিছে।
যোৱা কেইবছৰমানৰ পৰা অক্ষৰে সৰ্বাংগীন প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰি আহিছে। এই কাৰণেই তেওঁ টিম ইণ্ডিয়াৰ সৈতে ধাৰাবাহিকভাৱে সুযোগ লাভ কৰি আছে আৰু এতিয়া তেওঁ দিল্লীৰ অধিনায়ক হ’বলৈ গৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ