গুজৰাটত বৃহৎ দুৰ্ঘটনা; অগ্নিকাণ্ডত ৩ নিহত, ৩০ এতিয়াও আৱদ্ধ, ৫০ উদ্ধাৰ
আজি হোলীৰ দিনটোতে গুজৰাটত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। ১৫০ ফুট ৰিং ৰোডৰ আছলান্টিছ বিল্ডিঙত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত আতংকৰ সৃষ্টি হয়। ৩ জন লোকে প্ৰাণ হেৰুৱাই এই অগ্নিকাণ্ডত।
এটা অট্টালিকাৰ ষষ্ঠ মহলাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ভিতৰত আবদ্ধ হৈ পৰে বহু লোক। আচবাবৰ কাম চলি থকা এটা ফ্লেটত শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা অগ্নিকাণ্ডত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই তিনিজন লোকে।
লগে লগে জৰুৰীকালীন সেৱাক খবৰ কৰা হয়। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে , সেই অগ্নিকাণ্ডৰ ফলত ভিতৰত আৱদ্ধ হৈ থকা ৫০ জনকৈ লোকক উদ্ধাৰ কৰে।
বৰ্তমানেও আৱদ্ধ হৈ আছে অন্য ৩০ জনকৈ লোক। উদ্ধাৰ অভিযান এতিয়াও অব্যহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ