মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভেনিজুৱেলাৰ মাজত বাঢ়িছে উত্তেজনা৷ আমেৰিকাৰ চৰকাৰৰ ৪ অধিকাৰিয়ে জনোৱা অনুসৰি আগন্তুক কিছুদিনৰ ভিতৰত ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ কৰিব পাৰে মাৰ্কিন বাহিনীয়ে৷ এতিয়াও সেই অপাৰেছন ক’ত কেনেকৈ হ’ব সেয়া নিৰ্দিষ্টকৈ জনোৱা হোৱা নাই৷ কিন্তু সেয়া খুব কম সময়তেই হ’ব তাৰ পূৰ্বাভাষ দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই৷
এই অধিকাৰিসকলৰ মতে প্ৰাথমিকভাৱে কোভাৰ্ট অপাৰেছন চলাব পাৰে আমেৰিকাই৷ তাৰপিছতেই অন্য দিশত আগুৱাব পাৰে ডোনাল্ড ট্ৰাম্পৰ বাহিনীয়ে৷ আৰু এয়া কেৱল ধমকি নহয়৷ বৰং কেৰেবিয়ান ক্ষেত্ৰত দিশত চকু ৰাখিলেই বিষয়টো পৰিষ্কাৰ হৈ পৰিব৷ ইতিমধ্যেই বঢ়াই দিয়া হৈছে সেনাৰ সংখ্যা৷ এই বিষয়ে বেছি তথ্য অৱশ্যে দিব খোজা নাই আমেৰিকাই৷ বিষয়টো গোপনে ৰাখিবলৈকে যত্ন কৰিছে তেওঁলোকে৷
হোৱাইট হাউছে কমেণ্ট কৰা নাই
এই বিষয়ে কোনো মন্তব্য ৰাখিবলৈ ৰাজি নহয় হোৱাইট হাউচ৷ ট্ৰাম্প প্ৰশাসনৰ এগৰাকী অধিকাৰীয়ে কয় ভেনিজুৱেলাৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে মাৰ্কিন চৰকাৰে৷ তেওঁ কয়, ‘প্ৰেচিডেণ্ট ট্ৰাম্পে আমেৰিকাৰ ড্ৰাগ সৰবৰাহ ৰখাবলৈ একাধিক পদক্ষেপ লোৱাৰ বাবে তৈয়াৰ হৈছে৷ ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকক বিচাৰৰ আওঁতালৈ অনা হ’ব৷’
নিকোলাছ মাদুৰোৰ চৰকাৰক ওফৰাই পেলোৱাৰ ধমকি
ভেনিজুৱেলাত এতিয়া চলিছে নিকোলাছ মাদুৰোৰ চৰকাৰ৷ আৰু সেই চৰকাৰেই বে আইনী ড্ৰাগ ব্যৱসায়ৰ সৈতে যুক্ত বুলি ধাৰণা কৰিছে ট্ৰাম্প চৰকাৰে৷ যদিও মাদুৰৱে এই দাবী মানিব খোজা নাই৷ ইফালে ডোনাল্ড ট্ৰাম্পো এৰি দিয়া ভকত নহয়৷ এই পৰিপ্ৰেক্ষিততেই উত্তপ্ত হৈছে পৰিস্থিতি৷
সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে যে এই সময়ত আমেৰিকাই মাদুৰৰ চৰকাৰক ওফৰাই পেলাব পাৰে৷ আৰু এই বিষয়টো স্বীকাৰ কৰিছে মাদুৰে নিজেও৷ মাদুৰে জনাইছে যে আমেৰিকাই তেওঁক গাদীৰ পৰা খেদিব বিচাৰি আছে৷ ভেনিজুৱেলাৰ মানুহ আৰু সেনাইয়ো ইয়াৰ বিৰোধিতা কৰিব৷ এই পৰিস্থিতিত US FAA সকলোকে সতৰ্ক কৰিছে৷ তেওঁলোকৰ মতে, এতিয়া ভেনিজুৱেলাৰ ওপৰেৰে বিমানেৰে যাত্ৰা কৰাটোও বিপদ হ’ব পাৰে৷ ইয়াৰপাছতেই একাধিক আন্তৰ্জাতিক এয়াৰলাইন্সে নিজৰ ফ্লাইট বাতিল কৰিছে৷ অৱশ্যে যুদ্ধসদৃশ পৰিস্থিতি হলেও বাৰ্তালাপেৰে পৰিস্থিতি চম্ভালি লোৱাৰো এক অপশ্ব্যন ৰাখিছে আমেৰিকাৰ প্ৰশাসনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















