স্তন কেঞ্চাৰ হোৱাৰ ভয়ত শৰীৰৰ পৰা স্তনেই আঁতৰাই দিছিল বিশ্ব বিখ্যাত অভিনেত্ৰীয়ে
হীনা খানৰ তৃতীয় পৰ্যায়ৰ স্তন কেঞ্চাৰ ধৰা পৰাৰ পাছতে পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে স্তন কেঞ্চাৰ বিষয়টো। অৱশ্যে এইয়ে প্ৰথম নহয় অভিনেত্ৰীৰ কেঞ্চাৰ ধৰা পৰা। পূৰ্বে বলীউডৰ অভিনেত্ৰী সোনালী বেন্দ্ৰে, মহিমা চৌধুৰী, মনীষা কৈৰালা আদিৰো স্তন কেঞ্চাৰ হৈছিল।
কিন্তু এগৰাকী এনে অভিনেত্ৰী আছে যিয়ে কেন্সাৰৰ ভয়ত নিজৰ স্তন আঁতৰাই পেলাইছিল। হয়, এনে এগৰাকী অভিনেত্ৰীও আছে যিয়ে স্তন কেন্সাৰ হোৱা নাছিল, কিন্তু ৰোগ হোৱাৰ সম্ভাৱনা আছিল। যাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰি অস্ত্ৰোপচাৰৰ জৰিয়তে শৰীৰৰ পৰা স্তন আঁতৰাই পেলাইছিল।
সেই বিশেষ অভিনেত্ৰীগৰাকী হৈছে হলীউডৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ নিৰ্মাতা এঞ্জেলিনা জ’লি। এঞ্জেলিনা জ’লীয়ে প্ৰায় ১১ বছৰ পূৰ্বে ডাবল মেষ্টেক্টমী অপাৰেচন কৰিছিল।
উল্লেখ্য যে, এঞ্জেলিনাৰ মাতৃৰ জৰায়ুৰ কেন্সাৰ হৈছিল যাৰ বাবেই ২০০৭ চনত মৃত্যু হৈছিল। চিকিৎসকে এঞ্জেলিনাক কৈছিল যে জিনীয় সমস্যাৰ বাবে তেওঁ স্তন কেন্সাৰ আৰু জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে। চিকিৎসকৰ মতে এঞ্জেলিনাৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা ৮৭ শতাংশ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৫৪ শতাংশ।
এঞ্জেলিনা জলিয়ে নিউয়ৰ্ক টাইমছৰ এটা প্ৰৱন্ধত এই সকলোবোৰ কথা প্ৰকাশ কৰিছিল। নিজকে কেন্সাৰৰ পৰা ৰক্ষা কৰিবলৈ কৰা অপাৰেচনৰ বিষয়েও সবিশেষ সদৰি কৰিছিল৷ এতিয়া অভিনেত্ৰীগৰাকীৰ স্তন কেঞ্চাৰৰ সম্ভাৱনা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ