গুৱাহাটীৰ পৰাই বিজেপিয়ে যেন আৰম্ভ কৰিলে ২০২৬ চনৰ নিৰ্বাচনী যুঁজ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গুৱাহাটীৰ পৰাই আকৌ এবাৰ কংগ্ৰেছক দেখুৱালে শক্তি৷ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক আকৌ এবাৰ সঁকিয়াই দিলে গুৱাহাটীৰ পৰাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গালিগালাজ কৰাৰ বাবে ৰাহুল গান্ধীক ক্ষমা খোজাৰো দাবী জনাইছে গৃহমন্ত্ৰী শ্বাহে৷ গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে, প্ৰধানমন্ত্ৰী মোদীক যিমানেই গালি গালাজ কৰিব সিমানেই পদুম ফুলি উঠিব৷
দেশৰ বাবেই ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব
গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘ৰাহুল গান্ধীয়ে আৰম্ভ কৰা নিম্নস্তৰৰ ঘৃণা আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক লৈ কৰা মন্তব্যক মই গৰিহণা দিছো৷ এই ঘৃণাৰ ৰাজনীতিয়ে ৰাহুল গান্ধীৰ ৰাজহুৱা জীৱনক বেয়াৰ ফাললৈহে লৈ যাব৷ এনেকৈ বেয়া কথা কৈ বেয়া মেডেল পাব নেকি? তেওঁলোকৰ এইধৰণৰ কথাবাৰ্তাবোৰৰ বাবেই বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হৈছে৷ কিন্তু তেওঁলোকে নিজৰ ভুলবোৰ বুজি নাপায়৷ প্ৰধানমন্ত্ৰী মোদীক যিমানেই গালি-গালাজ কৰিব সিমানেই পদুম ফুলিব৷ কোনোবাই যদি ৰাজনীতিক প্ৰদূষিত কৰে তেন্তে দেশ কেনেকৈ সুৰক্ষিত হব? দেশবাসীও আচৰিত হৈছে তেওঁলোকৰ কাৰ্যকলাপত৷ তেওঁলোকে সকলো সীমা অতিক্ৰম কৰিছে৷ দেশৰ বাবেই ৰাহুলে ক্ষমা খুজিব লাগিব৷ মই ভগৱানক প্ৰাৰ্থনা কৰিছো তেওঁলোকক যাতে সদবুদ্ধি দিয়ে৷’
সোণালী আখৰেৰে লিখা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকাল
গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘যেতিয়া উত্তৰ পূৱ আৰু অসমৰ ইতিহাস লিখা হব তেতিয়া প্ৰধানমন্ত্ৰী মোদীৰ এই ১১ বছৰীয়া কাৰ্যকালক সোণালী আখৰেৰে লিখা হব৷ আমি দ্ৰুতগতিত অসমৰ বিকাশ হৈছে৷ অসমৰ উন্নয়নৰ গতি ৰুদ্ধ নহয়৷ আমি ইংৰাজে তৈয়াৰ কৰা আইন বিলুপ্ত কৰিছো৷ আজি প্ৰতিজন ব্যক্তিয়ে আত্মসন্মানেৰে জীয়াই থকাৰ পৰিবেশ তৈয়াৰ কৰিছো৷ ১১ বছৰত মোদীয়ে দেশৰ সুৰক্ষাৰ বাবে বহু কাম কৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















