অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে এজনৰ পাছত আনজন প্রভাৱশালী ব্যক্তিক। শেহতীয়াভাৱে আমন্ত্ৰণ লাভ কৰিছে বিগবী অমিতাভ বচ্চনেও। অয্যোধ্যাৰ নৱনিৰ্মিত এই মন্দিৰৰ উদ্বোধন হ’ব আগন্তুক ২২ জানুৱাৰীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালৰ। ইতিমধ্যে নানান মহলৰ চেলিব্ৰিটিয়ে আমন্ত্ৰণ পত্ৰ লাভ কৰিছে। আমন্ত্ৰণ লাভ কৰাৰ তালিকাত কোন কোনো প্ৰভাৱশালী ব্যক্তি আছে জানেনে?
অযোধ্যাত বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব চিনেমা, ক্ৰিকেট, উদ্যোগীকে ধৰি একাধিক তাৰকা। শ্ৰী ৰাম জন্মুভূমি ট্ৰাষ্টে জনোৱা অনুসৰি এই অনুষ্ঠানত উপস্থিত থাকিব ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, অভিনেতা অমিতাভ বচ্চন, অক্ষয় কুমাৰ, সংগীতশিল্পী আশা ভোছলে, উদ্যোগী মুকেশ আম্বানী আৰু ৰতন টাটা। এই তালিকা অৱশ্যে ইয়াতেই শেষ নহয়। উপস্থিত থাকিবলগীয়া ব্যক্তিৰ তালিকাত আছে কপিল দেৱ, অনীল কুম্বলে, ৰাহুল দ্ৰাবিড়। নিমন্ত্ৰণ লাভ কৰিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাইয়ো। এই অনুষ্ঠানত এইসকলৰ ওপৰিও উপস্থিত থাকিব একাংশ ৰাজনৈতিক নেতাও।
নামজ্বলা ব্যক্তিৰ ওপৰিও ৰাম মন্দিৰ উদ্বোধনত সকলোতকৈ আগত থাকিব বিজেপি নেতাসকল। এই তালিকাত আছে লালকৃষ্ণ আদোৱানী, মুৰলি মনোহৰ যোশী, বিনায় কাটিয়াৰ, উমা ভাৰতীৰ দৰে কেইবাজনো বৰ্ষীয়ান ৰাজনীতিবিদ। আগন্তুক ২২ জানুৱাৰীত ৰামলালৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত তেওঁলোকে আগভাগ ল’ব বুলিও জনাইছে ৰাম মন্দিৰ ট্ৰাষ্টে। বিজেপি নেতাসকলৰ ওপৰিও আমন্ত্ৰণ লাভ কৰিছে অন্যান্য ধৰ্মগুৰুসকলেও। অন্য অন্য ধৰ্মৰ ধৰ্মগুৰুৱেও নিমন্ত্ৰণ লাভ কৰিছে মন্দিৰ কমিটিৰ পৰা। কেৱলমাত্ৰ হিন্দু নহয়, জৈন মহাগুৰুৱেও এই মন্দিৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে। জৈন ধৰ্মগুৰু আচাৰ্য লোকেশ মুনিয়েও মন্দিৰ ট্ৰাষ্টৰ পৰা আমন্ত্ৰণ লাভ কৰিছে।
ৰাম মন্দিৰত কি কি সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব?
হাইপ্ৰফাইল অতিথিসকলৰ অংশগ্ৰহণেৰে এই উদ্বোধনী অনুষ্ঠান চলিব। ফলত সুৰক্ষাক লৈয়ো একাধিক প্ৰশ্ন উত্থাপিত হৈছে। সুৰক্ষাক লৈ চৰকাৰে বিশেষ ব্যৱস্থাও কৰিছে। মুখ্য অতিথি হিচাপে যিহেতু প্ৰধানমন্ত্ৰী উপস্থিত থাকিব সেয়ে নিৰাপত্তা ব্যৱস্থাত কোনো ত্ৰুটি ৰখা নাই যোগী চৰকাৰে। যিসকল সাধু, সন্ত, ধৰ্মগুৰু উপস্থিত থাকিব সকলোৱে নিজৰ আধাৰ কাৰ্ড দেখুওৱাব লাগিব। মোবাইল, মানি বেগ, মোনা, চাতি, পুজাৰ অৰ্ঘ অনুষ্ঠাতৰ ভিতৰত সোমোৱাব নোৱাৰিব। মূল অনুষ্ঠানত থাকোতে ২২ জানুৱাৰী পুৱা ১১ৰ পূৰ্বে সকলোৱে প্ৰৱেশ কৰিব লাগিব। তিনি ঘণ্টা ধৰি চলিব এই অনুষ্ঠান। ৰাম মন্দিৰৰ ভিতৰত প্ৰৱেশৰ পাছত তাৰপৰা প্ৰস্থানৰ বাবে এক কিঃমিঃ পথ অতিক্ৰম কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ শেষতহে সাধু সন্তসকলে ৰামলালক দৰ্শন কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ