জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তই সংবাদমাধ্যমৰ আগত নিজা মন্তব্য প্ৰকাশ কৰিছে। অমৃতপ্ৰভা মহন্তই কয়- ছিংগাপুৰলৈ ফুৰিবলৈ যাবলৈ পায় নিজেও খুব সুখী হৈ আছিল জুবিন গাৰ্গ। মই জুবিন দাৰ লগত ডেৰ বছৰ ধৰি গীত পৰিবেশন কৰি আছো। এইবাৰো তেনেকৈয়ে গলো। জুবিন দাই য়াট বুকিং কৰাৰ কথাও নিজেই জনাইছিল। বিৰাট এক্সাইটমেণ্ট আছিল তেওঁৰ য়াট যাত্ৰাক লৈ। প্ৰাইভেটলি য়াট তাত বুকিং কৰিব পাৰি।
জুবিন, শেখৰ, সিদ্ধাৰ্থ, সন্দীপন আৰু মই য়াট যাত্ৰাত গৈছিলো। মই আগতে কেতিয়াও তেনেকৈ বিদেশ যাত্ৰা কৰা নাই। বিদেশ বুলিলে মই বাংলাদেশহে গৈছিলো। চব মোৰ বাবে নতুন আছিল। আমি য়াটত তেনেকৈ গলো। বিশেষ এটা আইলেণ্ডলৈ আমি গলো। আইলেণ্ডৰ কাষতেই সন্দীপন দা, জুবিন দা, শেখৰ দা সকলোৱে ছুইমিং কৰিবলৈ নামিল। জুবিন দাই ছুইমিং কৰি স্ফুৰ্তিও কৰি আছিল। জুবিন দাই ধেমালি কৰি কৰি শেখৰ আৰু সিদ্ধাৰ্থক ছুইমিং শিকোৱা বুলি কৈ আছিল।
মই আৰু এজনী ছোৱালী তাত আছিল। আমি দুয়ো মিলি কথা পাতি আছিলো। মোৰ ছুইমিং কৰিবলৈ ইচ্ছা নাছিল বাবে তাই আৰু মই মিলি কথা পাতি আছিলো। মই যিহেতু অকলে ছোৱালী সেয়ে ছোৱালী এজনী লগ পাই কথা পতাত লাগিলো। আমি কথা পাতি থাকোতেই এজন খুব পেনিক হৈ দৌৰি আহি জনাইছিল। তেতিয়া আমিও ডেকৰ পৰা তললৈ নামি দৌৰিছিলো। তেতিয়া দেখিছিলো জুবিন দাৰ মুখেৰে বগা বগা কিবা ওলাই আছে আৰু মূৰটো তেতিয়াই পেলাই দিছে। আমি এই পৰিবেশ দেখি কি হৈছে পৰিবেশেই ধৰিব পৰা নাছিলো। সকলো কিবা হৈ পৰিছিল। আমি সকলোৱে জুবিন দা চেঞ্চলৈ আহক তাৰ বাবে যি কৰিব লাগে কৰিছিলো। মই হাতখন ধৰি আছিলো। তেতিয়া দেখিছিলো জুবিন দাৰ জিভাখন অলপ ওলাই আহিছে। তেতিয়া মই মুখত হাত ভৰাই দিছিলো। শেখৰ দা তেতিয়াও পানীতেই আছিল। জুবিন দাৰ ভৰিত তলৰ পৰাই সি মালিছ কৰি আছিল। মই জুবিন দাৰ কাণত জুবিন দা জুবিন দা মাতিছো। সন্দীপন দাই ছিপিআৰ দি আছিল। মুখত ব্ল দিছিল সন্দীপন দাই। তেতিয়া মুখেৰে কিবা লেতেৰা বস্তু ওলাই আহিছিল। অলপ খাইয়ো আছিল জুবিন দাই গতিকে গোন্ধ ওলাইছিল মুখেৰে ওলোৱা বস্তুখিনিৰ পৰা।
তাৰপিছতেই মেছিন লৈ ছিপিআৰ দিয়া আৰম্ভ কৰিছিল আৰক্ষী আৰু ৰেছকিউ টিম আহি। আমাক সেই সময়ত আঁতৰাই দিছিল। তেওঁলোকে জুবিন দাক হাস্পতাললৈ লৈ গল। আৰক্ষীয়ে আমি য়াটত থকা সকলোকে সোধপোছ কৰিছে। আই ডি চেক কৰিছে। মই কি হৈছে কি নাই একো ধৰিব নোৱৰা হৈ গৈছিলো। জুবিন দাৰ ভাল হব বুলিয়েই মই ভাৱি আছিলো। জুবিন দাই লাইফ জেকেট খুলি ছুইম কৰাটো মই দেখিছিলো। বাকীখিনি ইমান নেদেখিলো কাৰণ মই ডেকলৈ গৈছিলো। জুবিন দাক মই সেইদিনা ফিটেই দেখিছিলো। ঘটনাৰ পাছত য়টত আমাক সমূহীয়াকৈ সোধপোছ কৰিছে। জুবিন দাৰ লগত হস্পিতেললৈ অকল সিদ্ধাৰ্থ দা গৈছিল।
আমাক চবকে মানে মই সিদ্ধাৰ্থ দা, সন্দীপন দা আৰু শেখৰ দাক অকলে অকলে ষ্টেটমেণ্টো লৈছে। আমাক সকলোখিনি সুধিছে। কেতিয়া লগ পাইছো, কেনেকৈ চিনাকি সকলোবোৰ সুধিছে আমাক। তাৰপিছত আমাক হোটেললৈ লৈ আহিল। তাত মোৰ এগৰাকী বা থাকে, ভিনদেউ থাকে। ভিনদেউৱে মোক তাৰপিছত তেওঁলোকৰ ঘৰলৈ মোক লৈ গল। আৰক্ষীক সুধিয়েই ভিনদেউৱে মোক তেওঁৰ ঘৰলৈ লৈ গল। ২১ ছেপ্টেম্বৰত মই আহিলো। আগতেই আমাৰ কাৰণে ফ্লাইটৰ টিকট বুক কৰাই আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















