জুবিন গাৰ্গৰ সহ গায়িকা ছুইটি দাসে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ। মেনেজমেণ্টৰ গাফিলতিৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হল বুলি দাবী কৰিছে ছুইটি দাসে। ছুইটি দাসে কৈছে-
‘জুবিন গাৰ্গ সম্পৰ্কে যি বিতৰ্ক চলি আছে মইয়ো সেই বিষয়ে কিছু কথা কব খুজিছো। জুবিন গাৰ্গেও শ্যামকাণু মহন্তক বেয়া পায়। জুবিন দাই কয়েই থাকে সি আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত দি প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল। আগতেই জুবিন দাই কৈছিল, এইবাৰ শ্যামকাণুক দি আছো। খং উঠিলে জুবিন দাই মদ খাই উদ্ভণ্ডালি কৰেই। ৰঙালীতো সেয়ে গেটত গোৰ মাৰি আহিছিল। তাৰপিছত জুবিন দাই আকৌ পিছদিনা ৰঙালীলৈ যায়। কাৰণ তেওঁৰ ৰৈ ৰৈ বিনালেৰ শ্বুটিংৰ কিছু কাম আছিল। কিন্তু জুবিন দাই মুঠেও ভালপোৱা নাছিল শ্যামকাণু মহন্তক।
নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন দা নিজৰ ইচ্ছাৰেই গৈছে নে তেওঁক লৈ যোৱা হৈছে সেইটো এতিয়া কোনে কব। জুবিন গাৰ্গে কেৱল ফুৰিবলৈ গলে নিজেই কেতিয়াও নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰচাৰ কৰি ফেছবুকত লাইভ নাহিল হেতেন। শ্যামকানু মহন্তই এতিয়া কথা সলাই লাভ নাই। জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল। সিদ্ধাৰ্থ শৰ্মা আগৰে পৰাই অসভ্য, অভদ্ৰ। ছোৱালী আৰ্টিষ্টক আগৰ পৰাই ৰাস্তাত পৰি থকা সামগ্ৰী টাইপ ব্যৱহাৰ কৰে। সিদ্ধাৰ্থই চিধাই কয় মই কেৱল জুবিন গাৰ্গক চিনি পাওঁ নিজৰটো নিজেই চাবি। সিদ্ধাৰ্থ শৰ্মা আগৰ পৰাই বিফল মেনেজাৰ। জুবিন গাৰ্গ ৰোগীয়া মানুহ জানিও তেওঁলোকে কোনো যত্ন ললে। জুবিন দাক তেওঁলোকে কোনো যত্ন নললে। এয়া মেনেজমেণ্টৰ বিফলতা।’
জুবিনৰ মৃত্যুৰ আগদিনা দুপৰ নিশালৈ মদ খাইছিল মেনেজাৰ সিদ্ধাৰ্থে। হোৱাটচএপত মদ খোৱাৰ ফটো দি ENJOY কৰি আছিল। মেনেজাৰে অকণমানো দায়িত্ব পালন কৰা নাছিল জুবিন দাৰ। সিদ্ধাৰ্থহঁতৰ চূড়ান্ত গাফিলতিৰ বাবেই মৃত্যু হ’ল জুবিন গাৰ্গৰ। জুবিন দাৰ লগত থকা মানুহ কেইটা চূড়ান্ত অংহকাৰী। শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবেই মৃত্যু হ’ল জুবিন দাৰ। জুবিন গাৰ্গৰ সহ গায়িকা ছুইটী দাসে উদঙালে বিস্ফোৰক তথ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















